• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন নিৰ্যাতনৰ পিছত অবৈধ বালি খননৰ অভিযোগ; নতুন কেলেংকাৰীত চাপত ব্ৰীজভূষণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 3, 2023 1:55 pm
ব্রীজভূষণ শৰণ সিং। ফাইল ফটো: সংগ্ৰহীত।

ব্রীজভূষণ শৰণ সিং। ফাইল ফটো: সংগ্ৰহীত।

2k
VIEWS
Share on FacebookShare on Twitter

মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ পাছত এইবাৰ নতুন বিতর্কত সোমাই পৰিছে বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিং৷ তেওঁৰ বিৰুদ্ধে অবৈধ বালি খননৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

ব্ৰীজভূষণৰ বিৰুদ্ধে অবৈধভাৱে সৰযু নদীৰ বালি খনন আৰু বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে। লগতে খনিজ সম্পদৰ অবৈধ সৰবৰাহৰ অভিযোগো উত্থাপন হৈছে।

বুধবাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰধান বিচাৰপীঠে ব্ৰীজভূষণৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ বাবে এখন কমিটী গঠন কৰে। এই সমিতিখনত পৰিৱেশ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, ৰাষ্ট্ৰীয় স্বচ্ছ গংগা মিছন, উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু গোণ্ডাৰ জিলা উপায়ুক্তৰ পৰা এজনকৈ প্ৰতিনিধি আছে।

এসপ্তাহৰ ভিতৰত সমিতিখন বৈঠকত মিলিত হৈ ব্ৰীজভূষণৰ সংস্থাটোৰ বিৰুদ্ধে তদন্তৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ সন্মুখত ব্রীজভূষণৰ বিৰুদ্ধে যিসমূহ অভিযোগ  উত্থাপিত হৈছে সেইবোৰ অত্যন্ত গুৰুতৰ৷

অভিযোগ অনুসৰি, উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ কেইবাখনো গাঁৱত অবৈধ খনন কাৰ্য্য সংঘটিত কৰিছে বিজেপি সাংসদগৰাকীয়ে। খননৰ জৰিয়তে লাভ কৰা খনিজ পদাৰ্থসমূহ অবৈধভাৱে সৰবৰাহ কৰা হৈছে। বীজভূষণে অবৈধ সৰবৰাহৰ সময়ত অভাৰলোড ট্ৰাকেৰে পথ আৰু পাটপাৰগঞ্জ দলঙৰ ক্ষতিসাধন কৰাৰ অভিযোগো উত্থাপন হৈছে।

দৰাচলতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বাবে সময় ভাল চলি থকা নাই। মল্লযুঁজাৰুসকলে অনা যৌন নিৰ্যাতনৰ অভিযোগত ইতিমধ্যে মল্লযুঁজ ফেডাৰেচনৰ শীৰ্ষ পদ হেৰুৱাইছে। এই মুহূৰ্তত জামিনত তেওঁ মুক্ত যদিও যৌন নিৰ্যাতনৰ গোচৰৰ পৰা এতিয়াও তেওঁক দোষমুক্ত কৰা হোৱা নাই। ইপিনে,তাৰমাজতে আহিছে নতুন অভিযোগ। যিটোৱে বিজেপিৰ সাংসদগৰাকীক আৰু অধিক চাপত পেলাব।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd