• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ; ১০ জানুৱাৰিত পুনৰ হাজিৰ কৰোৱা হ’ব আদালতত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 26, 2019 6:45 pm
WhatsApp Image 2019-12-26 at 5.59.38 PM
652
VIEWS
Share on FacebookShare on Twitter

কৃষক নেতা অখিল গগৈক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি দিনৰ ১ বজাৰ পৰা সন্ধিয়া ৫:৪৫ বজালৈকে প্ৰায় ৫ ঘন্টা NIA ৰ বিশেষ ন্যায়াধীশৰ আদালতত যুক্তি তৰ্ক চলে।

NIA ই ১০ দিনৰ বাবে অখিলক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে এই আবেদন খাৰিজ কৰে।

তদুপৰি, NIA ৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ প্ৰথম দিনা অপৰাধীৰ দৰে হাতত হাতকেৰেয়া লগাই অনাৰ বাবে আদালতে NIA, অসম আৰক্ষী আৰু যোৰহাট আৰক্ষীক কাৰম দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

এতিয়া কৃষক নেতাগৰাকীক গুৱাহাটী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব।

ইপিনে, অখিল গগৈৰ বাসগৃহত NIA ৰ এটা দলে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭:৩০ বজাত অভিযান চলাই NHPC ৰ ফাইল, বেংক নথি, লেপটপ আদি জব্দ কৰিছিল।

বুধবাৰে সন্ধিয়া অতি গোপনে দিল্লীৰ পৰা কৃষক নেতা অখিল গগৈক গুৱাহাটীলৈ অনা হৈছিল। বিমানযোগে অতি কটকটীয়া নিৰাপত্তা ব্যেষ্টনীৰ মাজত গুৱাহাটীলৈ অনা হৈছিল অখিলক।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছতে ১৪ ডিচেম্বৰত NIA ই গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতা গৰাকীক মাওবাদী সজোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দি ১৬ ডিচেম্বৰত গগৈক NIAই গ্ৰেপ্তাৰ কৰিছিল।

গগৈৰ বিৰুদ্ধে NIAয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ), ১৫৩ এ (বেআইনী ) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰে।

১৭ ডিচেম্বৰত কৃষক নেতাগৰাকীক NIA বিশেষ আদালতত হাজিৰ কৰাই ১০ দিনৰ নিজৰ জিম্মাত লৈ দিল্লীলৈ নিয়া হৈছিল কৃষক নেতাজনক।

অহা ১০ জানুৱাৰীত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব অখিল গগৈক। সেইদিনাই জাননীৰ প্ৰত্যুত্তৰ দিবলৈ NIA, অসম আৰক্ষী আৰু যোৰহাট আৰক্ষীক আদালতৰ নিৰ্দেশ দিয়ে।

যোৱাৰ সময়ত উপস্থিত সকলোকে অখিলে “জয় আই অসম’, অসমবাসীৰ জয় হওঁক বুলি কৈ যায়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd