সোধ-পোচৰ বাবে মাতি নি NIA ই এৰি দিলে ছাত্ৰ নেতাক; প্ৰয়োজনত আকৌ মাতিব

NIA-Pranjal

সোধ-পোচৰ বাবে NIA ই মাতি নিয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰাঞ্জল কলিতা। ফাইল ফটো

সোধ-পোচৰ বাবে মাতি নি NIA ই এৰি দিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰাঞ্জল কলিতাক।

বৃহস্পতিবাৰে সোণাপুৰৰ নাজিৰাখাটস্থিত NIA ৰ মুখ্য কাৰ্য্যালয়ত গৈ উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল কলিতাক।

বৃহস্পতিবাৰে NIA ৰ কাৰ্য্যালয়ত প্ৰয় ৬ ঘন্টা ধৰি জেৰা চলায় NIA ৰ বিষয়াই। কলিতাক জেৰা কৰা সময়ত আন্দোলন সম্পৰ্কীয় কথা শুধিছিল বুলি তেওঁ জনায়।

ইপিনে, প্ৰয়োজন সাপেক্ষে পুনৰ NIA ৰ কাৰ্য্যালয়লৈ ছাত্ৰনেতা প্ৰাঞ্জল কলিতাক তলব কৰা হ’ব বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে প্ৰাঞ্জল কলিতা বৰ্তমান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক। তেওঁক কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত NIA য়ে সোধা-পোচা কৰা বুলি বুলি জানিব পৰা গৈছে।

অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ), ১৫৩ এ (বেআইনী) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছিল।

গোচৰ অনুসৰি অখিল গগৈক মাওবাদী সজোৱা হৈছে তথা তেওঁৰ বিৰুদ্ধে ২০০৯ চনৰে পৰা মাওবাদীৰ হৈ কাম-কাজ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে NIA ই।

উল্লেখযোগ্য যে, কা বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ সময়তে NIA ই দেশদ্ৰোহীতাৰ গোচৰ জাপি কৃষক নেতা অখিল গগৈৰ লগতে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈর্য্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ, বিতু সোণোৱাল আৰু ধ্ৰুৱজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানো ন্যায়িক জিম্মাত আছে আটাইকেইজন নেতা।