বাইক আৰোহী আততায়ীৰ ভয়ংকৰ আক্ৰমণ; গুলীবৰ্ষণত নিহত ২০০ তকৈও অধিক লোক

Nigeria motorbike gang attack

নাইজেৰিয়াৰ উত্তৰ-পশ্চিম জামফাৰা ৰাজ্যত কেইবাদিনো ধৰি বন্দুকধাৰী আততায়ীৰ দ্বাৰা হোৱা ভয়ংকৰ আক্ৰমণৰ ফলত কমেও ২০০ জন লোক নিহত হৈছে।

উদ্ধাৰ হোৱা স্থানীয় লোকসকলে সংবাদসংস্থা বিবিচিক কয় যে মটৰচাইকেলত অহা ডকাইতবোৰে গাঁৱৰ পিছত গাঁও আক্ৰমণ কৰিছিল আৰু নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল।

যোৱা সোমবাৰে সামৰিক বিমান আক্ৰমণৰ দ্বাৰা নাইজেৰিয়াৰ বনাঞ্চলৰ পৰা বহু অপৰাধী গোটক উৎখাত কৰাৰ প্ৰতিক্ৰিয়া হিচাপেই এই আক্ৰমণ সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে।

এই আততায়ীৰ দলবোৰে জামফাৰা আৰু চুবুৰীয়া ৰাজ্যসমূহক কেইবা বছৰ ধৰি পীড়িত কৰি আহিছে।

স্থানীয়ভাৱে দস্যু হিচাপে জনাজাত এই দলবোৰ হৈছে অপৰাধীৰ অত্যাধুনিক নেটৱৰ্ক। স্থানীয় অঞ্চলসমূহত এই গোটবোৰে প্ৰায়ে জন্তু চুৰি কৰি, মুক্তিপণৰ বাবে অপহৰণ আৰু তেওঁলোকৰ মুখামুখি হোৱা লোকসকলক হত্যা কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

বিগত সপ্তাহত নাইজেৰিয়াৰ চৰকাৰে আনুষ্ঠানিকভাৱে দস্যুসকলক সন্ত্ৰাসবাদী বুলি স্বীকৃতি দিয়াৰ ফলত নিৰাপত্তা বাহিনীয়ে এই গোটবোৰ আৰু তেওঁলোকৰ সমৰ্থকসকলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীয়ে এক বিবৃতিত কয় যে সামৰিক বাহিনীয়ে মানুহক সন্ত্ৰাসিত কৰি অহা অপৰাধী দলবোৰক বিচাৰি উলিয়াবলৈ আৰু নিৰ্মূল কৰিবলৈ অধিক সঁজুলি আহৰণ কৰিছে।

বুহাৰীয়ে কয়, “দস্যুসকলৰ দ্বাৰা নিৰীহ লোকৰ ওপৰত শেহতীয়া আক্ৰমণ হৈছে গণ হত্যাকাৰীৰ হতাশাৰ কাৰ্য।আমাৰ সামৰিক বাহিনীৰ নিৰন্তৰ হেঁচাত তেওঁলোক হতাশ হৈ পৰিছে।”

বুহাৰীয়ে লগতে কয় যে দস্যুসকলৰ বিৰুদ্ধে এই সামৰিক অভিযানত নমনীয় নহ’ব। চৰকাৰৰ এই সন্ত্ৰাস বিৰোধী অভিযান তীব্ৰ ৰূপত চলি থাকিব।