গুৰুদ্বাৰৰ ‘পৱিত্ৰতা’ নষ্ট কৰাৰ অভিযোগত পঞ্জাৱত হত্যা যুৱকক! অভিযুক্ত নিহাং শিখ

ফটোঃ সংগ্ৰহীত।

পঞ্জাৱত গুৰুদ্বাৰত সংঘটিত হৈছে এক হত্যাকাণ্ড। ফাগুৱাৰাৰ শ্ৰী চৌৰা খোচ চাহাব গুৰুদ্বাৰত নিহাং সম্প্ৰদায়ৰ এজন শিখ লোকে এজন যুৱকক হত্যা কৰাৰ অভিযোগ উঠিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, মন্দিৰৰ পৱিত্ৰতা ধ্বংস কৰাৰ অভিযোগত অভিযুক্তই যুৱকজনক হত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পাইছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ফাগুৱৰাৰ আৰক্ষী অধীক্ষক গুৰপ্ৰীত সিঙে কয় যে এজন নিহাং শিখৰ বিৰুদ্ধে হত্যাৰ অভিযোগ হৈছে। প্ৰথমতে জানিব পৰা মতে গুৰুদ্বাৰ অপৱিত্ৰ কৰাৰ অভিযোগত এজন যুৱকক হত্যা কৰা হৈছে। যুৱকজনে সঠিকভাৱে কি কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়কঃ WHOৰ মতে কৰোনাতকৈও অধিক ভয়ংকৰ! ২০ গুণ বেছি মানুহ মাৰিব X ভাইৰাছে

আনহাতে, নিহাং শিখ লোকজনৰ সঠিক পৰিচয় জানিব পৰা হোৱা নাই। কিন্তু ৰমনদ্বীৰ সিং নামৰ এজন লোকে নিজকে এই হত্যা কৰাৰ দাবী কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ গুৰুদ্বাৰ আৰু কাষৰীয়া অঞ্চলত ব্যাপক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

উল্লেখ্য যে শিখ সম্প্ৰদায়ৰ এটা শ্ৰেণী হ’ল নিহাং। মূলতঃ যোদ্ধা শিখসকলক নিহাং বুলি কোৱা হয়। ১৬৯৯ চনত গুৰু গোবিন্দ সিঙে খালছা প্ৰতিষ্ঠা কৰাৰ পৰাই নিহাং শিখসকলৰ উৎপত্তি হৈছিল। নিহাংগই সাধাৰণতে নীলা কাপোৰ পিন্ধে। মূৰত এটা ডাঙৰ পাগুৰি থাকে। তেওঁলোকৰ লগত তৰোৱাল আৰু যাঠী থাকে।

লগতে পঢ়কঃ শোকাৱহ! চেনীকলত বাষ্প টেংক বিস্ফোৰণত তিনি শ্ৰমিকৰ মৃত্যু, পাঁচজন আহত

২০২০ চনত কোভিড লকডাউনৰ সময়ত নিহাং শিখৰ বিৰুদ্ধে এজন আৰক্ষীৰ হাত কাটি পেলোৱাৰ অভিযোগ উঠিছিল। লকডাউনৰ নিষেধাজ্ঞা মানি চলিবলৈ কৈছিল আৰক্ষী কৰ্মীজনে। তাতেই ক্ষুব্ধ হৈ এই আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল।