অসম আৰক্ষী দিৱসত আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তলৈ ডি জি পিৰ প্ৰশংসা পদক

অসম আৰক্ষী দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ কৰ্তব্যৰত ১৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানক প্ৰশংসা সূচক সোণৰ পদক আৰু ৬৬ গৰাকী বিষয়া আৰু জোৱানলৈ প্ৰশংসা সূচক ৰূপৰ পদক আগবঢ়োৱা হয়।

অসম আৰক্ষীত কৰ্তব্যৰত অৱস্থাত বিশেষ সেৱা আগবঢ়োৱা বাবে এইসকল আৰক্ষী বিষয়া আৰু জোৱানলৈ প্ৰশংসা পদক আগবঢ়োৱা হয়।

অসম আৰক্ষীৰ সহকাৰী ইন্সপেক্টৰ জেনেৰেল আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তেও ডি জি পিৰ সোণৰ পদক লাভ কৰে।

বোকাখাতত নিযুক্ত হৈ থকা সময়ত গড় চিকাৰীৰ বিৰুদ্ধে সফল অভিযান, অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ,   আলফা স্বাধীন, কে পি এল টি, এন ডি এফ বি(এছ) আদি সন্ত্ৰাসবাদী সংগঠনৰ  বিৰুদ্ধে সফল তদন্তৰ বাবেই চন্দ্ৰকান্তলৈ ডি জি পিৰ প্ৰশংসা পদক আগবঢ়োৱা হয়।

মাত্ৰ ২২ বছৰ বয়সতে আই পি এছ বিষয়া হোৱা চন্দ্ৰকান্তে ২০১৯ চনত যোৰহাট জিলাত সংঘটিত হোৱা সুৰা ট্ৰেজেদিৰ তদন্তৰ দায়িত্বতো আছিল।

চন্দ্ৰকান্তৰ নেতৃত্বতে যোৰহাটৰ টীয়ক চাহবাগিচাত চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ড সন্দৰ্ভত মাত্ৰ ২২ দিনত ৬০২ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰা হৈছিল।

ইয়াৰ উপৰিও, চন্দ্ৰকান্তে ড্ৰাগছ, সুৰা, চাইবাৰ ক্ৰাইম আদিৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ বাবে বিভিন্ন জনসচেতনতামূল অভিযানৰ নেতৃত্ব বহন কৰিছিল।