ছত্তীশগড়ত অব্যাহত আছে সেনাৰ মাওবাদী বিৰোধী অভিযান। পুনৰ নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছে কেইবাজনো মাওবাদীয়ে।
আজি সেনা আৰু মাওবাদীৰ মাজত কেইবাঘণ্টা ধৰি চলা গুলীয়াগুলীত নিহত হয় ৯জন মাওবাদী। জিলা ৰিজাৰ্ভ গাৰ্ড আৰু চি আৰ পি এফৰ যৌথ অভিযানত মাওবাদীৰ ওপৰত আক্ৰমণ চলোৱা হয়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় বহু আগ্নেয়াস্ত্ৰ।
আজি পুৱা প্ৰায় ১০:৩০ বজাত দন্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সেনা-মাওবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।
এই সংঘৰ্ষত ৯ জন মাওবাদী নিহত হোৱাৰ উপৰিও কেইবাজনো মাওবাদী সদস্য আহত হয়। এতিয়াও নিৰাপত্তা বাহিনীয়ে আহত সকলৰ সন্ধান অব্যাহত ৰাখিছে।
ঘটনাস্থলীৰ পৰা বন্দুক, ৰাইফল, বোমাকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে সেনাই। অৱশ্যে এই গুলীয়আগুলীত কোনো সেনাজোৱান আহত হোৱাৰ খবৰ পোৱা নাই।
পৰিসংখ্যা অনুসৰি যোৱা কেইমাহমানৰ ভিতৰত কেৱল ছত্তীশগড়তে ১৫০ৰো অধিক মাওবাদী হত্যা কৰিছে ভাৰতীয় সেনাই।
ইফালে চলিত বৰ্ষত মাওবাদীৰ আক্ৰমণত বিজেপিৰ কেইবাজনো নেতাৰ মৃত্যু হৈছে।