• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুষ্টুপীয়াকৈ কন্যাক বিয়া দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে; দৰা প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 9, 2023 12:01 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

বিবাহ বন্ধনত আৱদ্ধ হ’ল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কন্যা পাৰকালা ভাংগময়ী। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন গুৰুত্বপূৰ্ণ বিষয়া প্ৰতীক দোশীৰ সৈতে বিবাহপাশত আবদ্ধ হয় সীতাৰমণৰ কন্যা। বৃহস্পতিবাৰে তেওঁলোকৰ বিবাহ অনুষ্ঠানটো অতি ঘৰুৱাভাৱে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল।

দেশৰ বিত্তমন্ত্ৰীৰ কন্যাৰ বিয়া হ’লেও অতিথি তালিকাত নাছিল কোনো ৰাজনীতিবিদ। বেংগালুৰুৰ এখন হোটেলত সম্পন্ন হয় দুয়োৰে বিবাহ। পাৰকালা-প্ৰতীকৰ বিবাহ বৈদিক পদ্ধতিৰে সম্পন্ন হয়।

লগতে পঢ়ক: পুনৰ ওড়িশা! দুৰ্গ-পুৰী এক্সপ্ৰেছত জুই; কথমপি এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল যাত্ৰাবাহী ৰে’ল

প্ৰতীক দোশী  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বুলি পৰিচিত। গুজৰাটৰ পৰা অহা প্ৰতীকে ছিংগাপুৰ মেনেজমেণ্ট স্কুলৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তাৰ পিছত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৱেষণা সহায়ক হিচাপে কাম কৰিছিল। সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল মোডী। তেতিয়াৰ পৰাই এইগৰাকী বিষয়া মোডীৰ অন্যতম প্ৰিয় হৈ পৰিছে।

২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰতীকক দিল্লীলৈ লৈ আহিছিল মোডীয়ে। প্ৰতীকে ৰিচাৰ্ছ এণ্ড ষ্ট্ৰেটেজি বিভাগৰ বিষয়া হিচাপে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যোগদান কৰে। ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰতীক দোশীক পদোন্নতি দিয়া হৈছিল। তেওঁক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অ’এছডি অৰ্থাৎ বিশেষ কৰ্তব্যৰত বিষয়াৰ পদ দিয়া হৈছিল। এই পদটো গুৰুত্বৰ ফালৰ পৰা যুটীয়া সচিবৰ সমতুল্য।

লগতে পঢ়ক: দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

আনহাতে, বিত্তমন্ত্ৰীৰ কন্যা হোৱাৰ পিছতো পাৰকালাক ৰাজনৈতিক ক্ষেত্ৰখনত তেনেদৰে দেখা পোৱা নগ’ল। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ সাংবাদিকতাৰ ডিগ্ৰী লাভ কৰে। বৰ্তমান মিণ্ট লাউঞ্জত ফিচাৰ ৰাইটাৰ হিচাপে কাম কৰি আছে। ইয়াৰ আগতে তেওঁ হিন্দু কাকততো কাম কৰিছিল।

Union Finance Minister Nirmala Sitharaman's daughter got married in Bangalore yesterday. This news never appeared in any Tamil or English media. pic.twitter.com/9bgTzLZiNr

— Anil_Jacob_IV🇮🇳 (@follow_amj) June 8, 2023

বিয়াৰ দিনা কইনাই গোলাপী ৰঙৰ শাৰী পিন্ধিছিল। কিন্তু বিত্তমন্ত্রীৰ কন্যা আৰু প্রধানমন্ত্রীৰ কার্যালয়ৰ বিষয়াৰ বিয়া হ’লেও অনুষ্ঠানত কোনো ৰাজনৈতিক ব্যক্তিক দেখা পোৱা নগ’ল৷

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd