ৰাজনীতিৰ জগতখন বৰ আমোদজনক। নিৰ্বাচনৰ আগতে আমাৰ মানুহে প্ৰাৰ্থীৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি শুনি দিন পাৰ কৰে। নিৰ্বাচন পাৰ হ’লেই প্ৰকৃততে কিমানখিনি পূৰণ হয় তাক লৈ প্ৰশ্ন উত্থাপন হয়। দল যিয়েই নহওক কিয়, প্ৰকৃত ছবিখন সলনি নহয়।
কিন্তু কোনো ৰাজনীতিবিদে কেতিয়াবা এই সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিছেনে বুলি সুধিলে বহুতেই উত্তৰ বিচাৰি নাপাব। এইক্ষেত্ৰত নীতিন গাডকাৰী অলপ ব্যতিক্ৰম। সোমবাৰে এক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ৰাজনীতিৰ জগতখনত সঁচা কথা কোৱাটো কেতিয়াও কাম্য নহয়। গাডকাৰীয়ে কয়, ‘আমি বাস কৰা পৃথিৱীখনত অন্তৰৰ পৰা সঁচা কথা কোৱাত নিষেধাজ্ঞা আছে। মিছা কথা কৈ মানুহক মুৰ্খ সজাব পৰাজনেই শ্ৰেষ্ঠ নেতা।’
গাডকাৰীৰ এই মন্তব্যৰ পিছতে দেশৰ ৰাজনীতৈক অন্দৰ মহলত স্বাভাৱিকতেই চৰ্চাৰ ধুমুহা চলিছে। কাৰণ, বিভিন্ন সময়ত নৰেন্দ্ৰ মোডীৰ জুমলাক লৈ বিৰোধীয়ে সৰৱ হৈ আহিছে। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এজন গুৰুত্বপূৰ্ণ সদস্যৰ এনে ইংগিতদায়ক মন্তব্য দলৰ পোষ্টাৰ বয়কো লক্ষ্য কৰি লোৱা হৈছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা এনে ইংগিতদায়ক মন্তব্য শুনা গৈছে। যোৱা মাহত নাগপুৰত ‘প্ৰকাশ দেশপাণ্ডে সোঁৱৰণী দক্ষ সংস্থা’ৰ বঁটা প্ৰদান অনুষ্ঠানত গাডকাৰীয়ে কোৱা শুনা গৈছিল যে, ‘চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পৰা মানুহ আমাক লাগে।‘
পিছত এই মন্তব্যৰ ব্যাখ্যা দি তেওঁ কয়, ‘প্ৰশাসনত অনুশাসন আনিবলৈ চৰকাৰৰ বিৰুদ্ধে আদালতৰ আদেশৰ প্ৰয়োজন। কেতিয়াবা আদালতে এনে সিদ্ধান্ত লয় যিবোৰ চৰকাৰে ল’ব নোৱাৰে।’
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে জনমোহিনী নীতিৰে চৰকাৰত থকাটো এতিয়া মোডী যুগৰ নিয়ম। কোনো ধৰণৰ সমালোচনা শুনিবলৈ ইচ্ছুক নহয় কেন্দ্ৰ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিনাচৰ্তে সমৰ্থন নকৰিলে মুখ মেলিলেই অপমান পাব। মোডী কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সদস্যগৰাকীয়ে মোডী চৰকাৰৰ সেই অলিখিত ‘নিয়ম’ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
সোমবাৰে নাগপুৰত অখিল ভাৰতীয় মহানুভৱ পৰিষদৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। তাত ভাষণ দি তেওঁ কয় যে কোনো লক্ষ্যত উপনীত হোৱাৰ কোনো চৰ্টকাট ৰাস্তা নাই। কোনোবাই হয়তো চৰ্টকাটৰ জৰিয়তে ক’ৰবাত সোনকালে উপনীত হ’ব পাৰে, কিন্তু সেই ক্ষেত্ৰত তেওঁ আইন ভংগ কৰিবলগীয়া হয়। আৰু সেইবাবেই সততা, বিশ্বাসযোগ্যতা আৰু আনুগত্য গুৰুত্বপূৰ্ণ। কাৰণ গীতাত ভগৱান শ্ৰীকৃষ্ণইও কৈছে যে শেষত সত্যৰেই জয় হয়।