এয়াই নেকি বিচ্ছেদৰ কাৰণ! নীতিশ কুমাৰে ক’লে, তেওঁক নজনোৱাকৈ দিয়া হৈছিল INDIA নাম

Nitish Kumar INDIA

দেশৰ ৰাজনীতিত একপ্ৰকাৰে ধুমুহা আনি বিগত সপ্তাহত আকস্মিক ৰাজনৈতিক পাভলুটিৰে বিজেপিৰ সংলৈ উভতিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। তেওঁৰ এই কাৰ্যই কেৱল বিহাৰৰে নহয়, সমগ্ৰ দেশৰ ৰাজনীতিত খলকনি তুলিছিল।

নীতিশ কুমাৰৰ এই আকস্মিক সিদ্ধান্তৰ ফলত বিৰোধীৰ ৰাজনৈতিক পৰিকল্পনাও ধূসৰ হৈ পৰে। ২৪ৰ নিৰ্বাচনত বিজেপিক ৰোধৰ স্বাৰ্থত একলগ হোৱা বিৰোধীৰ লক্ষ্যত নীতিশ কুমাৰৰ এই কাৰ্য হৈ পৰে এক মোক্ষম আঘাত।

প্ৰধানিযোগ্য যে, বিজেপিৰ বিৰুদ্ধে একলগ হৈ যুঁজাৰ বাবে গঢ় দিয়া বিৰোধীৰ ঐক্যবদ্ধ মিত্ৰজোঁট INDIAৰ মূখ্য আহ্বায়ক আছিল নীতিশ কুমাৰ। কিন্তু তেওঁৰে প্ৰস্থানত স্বাভাৱিকতেই অনিশ্চয়তাৰ মাজত সোমাই পৰে INDIA ঐক্য।

নীতিশ কুমাৰৰ INDIA ত্যাগ সন্দৰ্ভত ব্যাপক চৰ্চা অব্যাহত আছে দেশৰ ৰাজনীতিত। মিত্ৰজোঁটৰ সংগী দলসমূহে তীব্ৰ সমালোচনা কৰিছে জে ডি (ইউ) মুৰব্বীজনক। তাৰ মাজতে নীতিশ কুমাৰে কৰিছে এক বিশেষ মন্তব্য।

জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে উল্লেখ কৰা মতে, বিৰোধী দলসমূহে তেওঁক নোসোধাকৈয়ে লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁটক INDIA (Indian National Developmental Inclusive Alliance) হিচাপে নামাকৰণ কৰিছিল।

কিন্তু এই নামটোত নীতিশ কুমাৰ সন্তুষ্ট হোৱা নাছিল আৰু মিত্ৰজোঁটৰ বাবে আন এটা নাম নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ চেষ্টাৰ পাছতো INDIA নাম বিৰোধী দলসমূহেই ইতিমধ্যে চূড়ান্ত কৰিছিল বুলি নীতিশ কুমাৰে লগতে মন্তব্য কৰে।

INDIA জোঁটক তীব্ৰ সমালোচনা কৰি তেওঁ লগতে মিত্ৰজোঁটে এটাও কামো কৰা নাছিল বুলি ক্ষোভ প্ৰকাশ কৰে। আসন বুজাবুজি সন্দৰ্ভতো আজিলৈকে মিত্ৰজোঁটে সিদ্ধান্ত লোৱা নাই বুলি আঙুলিয়াই দিয়ে নীতিশ কুমাৰে।

এই কাৰণেই তেওঁ মিত্ৰজোঁট এৰি বিজেপিৰ সংগলৈ উভতি অহা বুলি উল্লেখ কৰে কুমাৰে। তেওঁ লগতে নিজ বক্তব্যত তেওঁৰ পূৰ্বৰ সংগী দল আৰজেডি আৰু কংগ্ৰেছকো আক্ৰমণ কৰে।