ত্ৰিপাক্ষিক আলোচনাত সন্তুষ্টি প্ৰকাশ এনএলএফটিৰ : স্থায়ী সমাধানৰ দাবী

Capture

ত্ৰিপুৰাৰ নিষিদ্ধ ঘোষিত সংগঠন এনএলএফটিয়ে (নয়ন বাশী গোট) সংগঠনটো আৰু চৰকাৰৰ মাজত অনুষ্ঠি হোৱা ত্ৰিপাক্ষিক বৈঠক সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰিছে।

সংগঠনটোৰ তথ্য আৰু প্ৰচাৰ সচিব ডি খাছমাইৰ দ্বাৰা প্ৰকাশিত এটা সংবাদ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

বৈঠকৰ স্থান সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও পূৰ্বে এই ধৰণৰ আয়োচনা নতুন দিল্লী আৰু শ্বিলঙত অনুষ্ঠিত হৈছিল আৰু ইয়াত ত্ৰিপুৰা আৰু মিজোৰামৰ এগৰাকী উগ্ৰপন্থা ত্যাগ কৰা বিধায়কে এই বৈঠকত মধ্যস্থতা কৰিছিল।

শেহতীয়া বৈঠকখন এনএলএফটিৰ প্ৰধান, মুখ্য সেনাধ্যক্ষ আৰু তথ্য আৰু প্ৰচাৰ সচিবে অংশ গ্ৰহণ কৰিছিল।

এনএলএফটিয়ে সংবাদ বিজ্ঞপ্তিৰ সৈতে একে শ্ৰেণীৰ মাৰণাস্ত্ৰৰ সৈতে সংগঠনটোৰ সদস্য একাংশৰ ফটোও গাঁথি দিছে য’ত তেওঁলোকে যিয়ে দেখুৱায়ে যে তেওঁলোকৰ সামৰিক সামৰ্থ্য আছে। সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে পৰিস্থিতি শান্তিপূৰ্ণ হ’বলৈ হ’লে এটা স্থায়ী সমাধান হ’ব লাগিব। যদিহে এনেধৰণৰ বৈঠক আৰু অধিক বৈঠক সঘনাই অনুষ্ঠিত কৰা হয় এয়া তেতিয়াহে সম্ভৱপৰ।

উল্লেখযোগ্য যে অধিকাংশ উগ্ৰপন্থী সদস্যই আত্মসমৰ্পণ কৰিছে এৰু এমুঠিমান সদস্যই বাংলাদেশৰ সীমাৰ সিপাৰে আশ্ৰয় গ্ৰহণ কৰি আছে।  প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰে বাৰম্বাৰ কৈ আহিছে যে উগ্ৰপন্থীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হৈছে আৰু বাংলাদেশৰ ভূমি উগ্ৰপন্থী কাম-কাজৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।