২০২০ চনৰ দিল্লীত সংঘটিত বৃহত্তৰ ষড়যন্ত্ৰৰ গোচৰৰ সৈতে জড়িত কৰ্মী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদ, শ্বাৰ্জিল ইমাম আৰু আন সাতজনক জামিন প্ৰদানৰ পৰা মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰে।
খালিদ আৰু ইমামৰ উপৰিও ন্যায়াধীশ নবীন চাওলা আৰু শলিন্দৰ কৌৰৰ বিচাৰপীঠে মহম্মদ ছালিম খান, শ্বিফা উৰ ৰেহমান, আথাৰ খান, মীৰন হাইদৰ, ছাদাব আহমেদ আব্দুল খালিদ চৈফি আৰু গুলফিছা ফাতিমাৰ জামিন আবেদনো খাৰিজ কৰে। ইমাম আৰু খালিদৰ জামিন আবেদন ২০২২ চনৰ পৰা বিচাৰাধীন হৈ আছে।
কৰ্মীসকলক প্ৰতিনিধিত্ব কৰা অধিবক্তাই এই নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলি কয়।
ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ পৃথক বিচাৰপীঠে একেটা গোচৰৰ সৈতে জড়িত আন এজন অভিযুক্ত তাছলীম আহমেদৰ জামিন আবেদন খাৰিজ কৰিছিল।
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন (CAA)ক লৈ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱা এক বৃহৎ ষড়যন্ত্ৰৰ অংশ হিচাপে ইমাম আৰু খালিদক গ্ৰেপ্তাৰ কৰা হৈছিল। এই হিংসাত্মক পৰিস্থিতিত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ৰো অধিক লোক আহত হয়।