• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনো বাংলাদেশী নাহে, ক’তো খিলঞ্জীয়াৰ মাটি নাযায়

গৃ্হজিলা ডিব্ৰুগড়ত বিজেপিৰ বিশাল সংকল্প সমাৰোহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
February 23, 2020 8:36 pm
No Bangladeshi coming to Assam: CM Sonowal at Sankalpa Jatra in Dibrugarh

ডিব্ৰুগড়ৰ সংকল্প যাত্ৰাৰ ছবি। সৌজন্য- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ডিব্ৰুগড়ত বিজেপিৰ “সংকল্প সমাৰোহ”ক সম্বুধি কয় যে অসমলৈ কোনো বাংলাদেশী নাহে আৰু ক’তো খিলঞ্জীয়াৰ ভূমি কাঢ়ি নলয়।

খিলঞ্জীয়াৰ সমৰ্থনত বিজেপি শাসনলৈ অহা বুলি দাবী কৰি গৃহ জিলাৰ খনিকৰত অনুষ্ঠিত বিশাল সমাৱেশত মুখ্য মন্ত্ৰীয়ে কয় এই বিষয়ক লৈ  কিছুমান সংগঠনে অপপ্ৰচাৰ চলাইছে।

নাগৰিকত্ব আইন ২০১৯বিৰোধী প্ৰতিবাদৰ বিপৰীতে শাসক দলটোৱে আয়োজন কৰা সমাৱেশত সোণোৱালে মূলতঃ কা-বিৰোধীসকলক চোকা সমালোচনা কৰা দেখা যায়।

“কিছুমান সংগঠনে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ বিয়পাই আছে যে বাংলাদেশী আহিব আৰু খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি ল’ব। তেওঁলোকে সমাজত বিশৃংখলতা, খেলিমেলি আৰু বিভাজনৰ সৃষ্টি কৰিছে,” সোণোৱালে কয়।

“আমাৰ চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ…প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰত্যেক সম্প্ৰদায়ৰ হৈ কাম কৰি যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

সমৱেত কেইবাহাজাৰো লোকক সম্বুধি সোণোৱালে কয় যে তেওঁৰ সংকল্প অসমৰ উন্নয়ন। সমাৱেশখনত ডিব্ৰুগড়ৰ লগতে চুবুৰীয়া ধেমাজি, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট আৰু চৰাইদেউ জিলাৰ লোকো আহি সমবেত হৈছিল।

Watch Live: Speaking at the #SankalpSamaroh organised by @BJP4Assam in Dibrugarh.https://t.co/iyacR23IsM

— Sarbananda Sonowal (@sarbanandsonwal) February 23, 2020

“আমাৰ সংকল্প অসমৰ উন্নয়ন। আমি কৰ্ম সংস্কৃতিত মনোনিৱেশ কৰিছো, কাৰণ আন্দোলন নহয় কেৱল কৰ্মৰ জৰিয়তেহে উন্নয়ন সম্ভৱ।”

বিৰোধী কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি সোণোৱালে কয় যে কংগ্ৰেছ চৰকাৰে ওকালতি কৰা বিভাজন আৰু শাসনৰ নীতিত তেওঁলোকে বিশ্বাস নকৰে।

ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বহুবিলাক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে, সোণোৱালে লগতে কয়।

“আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে জনসাধাৰণে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব।”

সমাৱেশখনত সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰ আৰু যোৰহাটৰ সাংসদ ক্ৰমে প্ৰদান বৰুৱা আৰু তপন গগৈ আৰু উজনিৰ কেউজন বিজেপি বিধায়ক উপস্থিত আছিল।

মিত্ৰদল বিজেপিৰ দুই নেতা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তও সমাৱেশত উপস্থিত আছিল।

কা-বিৰোধী ব্যাপক প্ৰতিবাদৰ পিছত খনিকৰৰ “সংকল্প সমাৰোহ”এই হৈছে উজনিত শাসক দলটোৰ প্ৰথমখন বিশাল সমাৱেশ।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd