কা-বিৰোধিতা নকমে, চাহ জনগোষ্ঠীক লৈ চৰকাৰী ঘোষণা বৈষম্যমূলক, আৱতৰীয়া বাজেট আখ্যা কংগ্ৰেছৰ

কা-বিৰোধিতা নকমে, চাহ জনগোষ্ঠীক লৈ চৰকাৰী ঘোষণা বৈষম্যমূলক, আৱতৰীয়া বাজেট আখ্যা কংগ্ৰেছৰ

আজি অৰ্থাৎ ২২ ডিচেম্বৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীক লৈ বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ তোলে প্ৰদেশ কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ ভগীৰথ কৰণে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰ্থাৎ ২১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা বুলি সংবাদমেলত মন্তব্য কৰে ভগীৰথ কৰণে।

তেওঁ কয় ‘বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো শ্ৰমিকৰ মজুৰিৰ পৰিমাণ একে কৰা হ’ব বুলি পূৰ্বতে তেওঁলোকে কৈছিল। তেন্তে কিয় ব্ৰহ্মপুত্ৰ উপত্যকাত ১৬৭ টকা কৰিলে আৰু বৰাকত ১৪৫ টকা কৰিলে, এইটো কেনেধৰণৰ বিচাৰ? চৰকাৰৰ এই কাৰ্য্য চৰম বৈষম্যমূলক। চাহ জনগোষ্ঠীৰ মানুহক চৰকাৰে বিশ্বাসঘাটকতা কৰিছে।’

ইপিনে, চাহ জনগোষ্ঠীৰ লোকক বিজেপি চৰকাৰে কেৱল ভোটাৰ হিচাপেহে ৰাখিব বিচাৰিছে বুলি মন্তব্য কৰি কৰণে লগতে কয় ‘চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে দুটাই কাম কৰিব নিচিনা লাগে যে, ফ্ৰী চাউল দি আছে আৰু জানুৱাৰি মাহৰ পৰা ২ কিল’গ্ৰাম চেনি ফ্ৰীতে দিব। তাৰ বাহিৰে চাহ জনগোষ্ঠীৰ মানুহক একো কৰি নিদিয়ে।’

অহা বাজেটত চাহ বাগিচা অধ্যূষিত অঞ্চলৰ লোকৰ উন্নয়নৰ বাবদ ধন দুগুণ কৰি দিম বুলি হিমন্ত বিশ্ব শৰ্মাই কালি অৰ্থাৎ ২১ ডিচেম্বৰত কৰা ঘোষণাৰ প্ৰত্যুত্তৰত কৰণে কয় ‘২০১৮-১৯ বৰ্ষৰ বাজেটত বৰ্তমানৰ বিত্ত মন্ত্ৰীয়ে বিভিন্ন বিভাগৰ পৰা ৫ শতাংশকৈ ধন কাটি চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবদ খৰচ কৰিম বুলি কৈছিল। যদি ৫ শতাংশকৈ কাটিলেহেঁতেন তেন্তে ধনৰ পৰিমাণ হ’লহেঁতেন ৪,৫০০ কোটি টকা। কিন্তু আচৰিত ধৰণে এটকাও তেওঁলোকে গোটাব নোৱাৰিলে। এইটোও এটা ভুৱা প্ৰচাৰ।’

ইপিনে, কালি অৰ্থাৎ ২১ ডিচেম্বৰত হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাক আৱতৰীয়া বাজেট আখ্যা দি কৰণে কয় ‘কালি যিকেইটা ঘোষণা কৰিলে এনে লাগিল যে চৰকাৰে আৱতৰীয়া বাজেট প্ৰস্তুত কৰিলে। যিবিলাক বাজেটত ঘোষণা কৰা হয়, তেনেকুৱা কথাবোৰেই চৰকাৰে ঘোষণা কৰিছে।’

‘বিজেপি চৰকাৰে কৰা ঘোষণাসমূহৰ পৰা এনে লাগিল যি ‘কা’বিৰোধী আন্দোলনৰ উপশম কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্তসমূহ লৈছে। কোনো ঘোষণাৰে আন্দোলন কমাব নোৱাৰে।’ কৰণৰ সংবাদমেলত মন্তব্য।

তদুপৰি, ‘অসমীয়া ভাষা হেৰাই যাব বুলি ভয় নকৰো।’ বুলি মন্তব্য কৰি কৰণে লগতে কয় ‘অসমীয়া ভাষা ৰাজ্যিক ভাষা হৈ আছে আৰু হৈ থাকিব। অসম থকাপৰ্য্যন্ত অসমীয়া ভাষা থাকিব। ‘কা’ অনাৰ পাছত অসমীয়া ভাষী সংখ্যালঘুত পৰিণত হ’ব বুলি শংকা হৈছে।’

তেওঁ আৰু কয় ‘ভূমি নীতিৰ ক্ষেত্ৰত হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত এখন কমিটি প্ৰস্তুত কৰিছিল। কমিটিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত কি কি নীতি গ্ৰহণ কৰিলে বা নকৰিলে সেইটো আমি নাজানো। এইবোৰ কথা চৰকাৰে স্পষ্ট নকৰিলে।’