শুকুৰবাৰে নিশা বিজেপিৰ তামুলপুৰ জিলা শাখাই গোৰেশ্বৰত পাঁচখন মূল সমিতিৰ নিৰ্বাচনী বৈঠক অনুষ্ঠিত কৰে। সভাত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যিক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি শইকীয়াই বঙালী সমাজৰ দীৰ্ঘদিনীয়া বিতৰ্কিত ‘ডি-ভোটাৰ’ বিষয়টোক লৈ এক নতুন সূত্ৰ আগবঢ়ায়।
তেওঁ দৃঢ়তাৰে কয়, ‘ভাৰতত বসবাস কৰা বাংলাভাষী হিন্দু হওক বা বাংলাদেশত থকা হিন্দুৱেই হওক, ভাৰতত কোনো হিন্দুক বিদেশী বুলি গণ্য কৰিব নোৱাৰি। বঙালী হিন্দু, অসমীয়া হিন্দু, বা বিহাৰী হিন্দু, এই চৰ্তবোৰৰ কোনো গুৰুত্ব নাই। সকলো হিন্দু সনাতনী আৰু হিন্দুস্তানৰ আদিবাসী। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তেওঁলোকক সুৰক্ষা, আশ্ৰয়, নিৰাপত্তা প্ৰদান কৰাটো আমাৰ নৈতিক কৰ্তব্য। কোনো হিন্দুৱে ভাৰতত অসুৰক্ষিত অনুভৱ কৰিব নালাগে।”
শেহতীয়াকৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বক্তব্যৰ প্ৰতিও তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এসময়ত হীৰেন গোহাঁইক মই সন্মান কৰিছিলোঁ আৰু তেওঁক ‘ছাৰ’ বুলি সম্বোধন কৰিছিলোঁ, কিন্তু তেওঁ সেই সন্মানৰ যোগ্য বুলি এতিয়া অনুভৱ কৰা নাই, কিয়নো তেওঁ ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভাজন সৃষ্টি কৰিব বিচাৰে। সেয়েহে মই তেওঁক ‘ছাৰ’ বুলি সম্বোধন কৰিব বিচৰা নাই।
বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে চমুকৈ মন্তব্য কৰে, “আমি এবছৰ ধৰি বিটিচি নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছো। ৰাইজে বিজেপি জয়ী হোৱাটো বিচাৰে কাৰণ দলটোৱে বৈষম্যহীনভাৱে সকলো সম্প্ৰদায়, ধৰ্মৰ বাবে কাম কৰে।”