NORTHEAST NOW (Assamese)

মধ্যবিত্তলৈ সকাহ! বাজেটত বৃহৎ কৰ ৰেহাই সীতাৰমণৰ; ১২ লাখ টকালৈকে দিব নালাগে আয়কৰ

February 1, 2025 12:49 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সাধাৰণ বাজেট ভাষণত ব্যক্তিগত আয়কৰ বৃহৎ পৰিমাণে ৰেহাইৰ কথা ঘোষণা কৰে। বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ১২ লাখ টকা পৰ্যন্ত ব্যক্তিগত আয়ৰ ওপৰত কোনো কৰ আদায় দিব নালাগে।

কৰ্মচাৰীসকলৰ বাবে এই ৰেহাই আৰু অধিক। ষ্টেণ্ডাৰ্ড কৰ্তনৰ ওপৰত ৭৫ হাজাৰ টকা অতিৰিক্ত ৰেহাই লাভ কৰিব। অৰ্থাৎ ১২.৭৫ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ আদায় দিব নালাগে।

সাধাৰণ বাজেট ঘোষণা হোৱাৰ আগতেই উদ্যোগপতি আৰু সাধাৰণ মধ্যবিত্ত শ্ৰেণীয়ে বাজেটত আয়কৰ হ্ৰাস কৰিবলৈ দাবী জনাইছিল। কাৰণ মুদ্ৰাস্ফীতিৰ হাৰত কৰ ৰেহাই বৃদ্ধি নকৰিলে মানুহৰ হাতত বেছি টকা নাথাকিব।

সেই সামগ্ৰিক দাবীৰ সন্মুখত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট সংকেত দিছিল। তেওঁ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে দেৱী দুৰ্গা আৰু লক্ষ্মী দেৱীৰ আশীৰ্বাদ কামনা কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে বাজেট ভাষণত এই কথা আৰু স্পষ্ট কৰি দিলে।

আজি বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কয় যে ‘’প্ৰত্যক্ষ কৰ ব্যৱস্থাত আমাৰ মূল লক্ষ্য হৈছে ব্যক্তিগত আয়কৰৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়া। ইয়াৰ লগতে স্বেচ্ছামূলক আয় ঘোষণাৰ পথ প্ৰশস্ত কৰা। ইয়াৰ উপৰিও উৎসত কৰ সংগ্ৰহৰ হাৰ হ্ৰাস কৰি জ্যেষ্ঠ নাগৰিকসকলক আৰ্থিক সুবিধা প্ৰদান কৰা।”

বিত্তমন্ত্ৰী নিৰ্মলাৰ মতে মধ্যবিত্ত শ্ৰেণীটোৱেই হৈছে দেশৰ চালিকা শক্তি। সেয়েহে এই বাজেটত তেওঁলোকৰ বাবে এটা ডাঙৰ সকাহৰ ব্যৱস্থা কৰা হৈছে।

Related News