NORTHEAST NOW (Assamese)

সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ বাদ দিয়াৰ দাবী : কি ক’লে উচ্চতম ন্যায়ালয়ে?

November 25, 2024 7:40 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 25, 2024 7:32 pm

১৯৭৬ চনত সংবিধানৰ ৪২ সংখ্যক সংশোধনীত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ পৰা এই দুটা শব্দ আঁতৰোৱাৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে এই গোচৰ।

এই গোচৰটো মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন হয়। আদালতে কয় যে ১৯৪৯ চনৰ সংবিধান আৰু ১৯৭৬ চনৰ প্ৰস্তাৱৰ মাজত বিশেষ অমিল নাই।

মুখ্য ন্যায়াধীশ খান্নাই কয় যে ১৯৭৬ চনত সংশোধনীত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও ১৯৪৯ চনৰ সংবিধানৰ সৈতে ইয়াৰ এক বৈশিষ্ট্যপূৰ্ণ সাদৃশ্য আছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে বুজাই দিলে যে ভাৰতত ‘সমাজবাদী’ শব্দটোৰ অৰ্থ কল্যাণ বা ‘সেৱা’। আনহাতে, ‘ধৰ্মনিৰপেক্ষতা’ ভাৰতীয় সংবিধানৰ মূল শিলাস্তম্ভ।

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে আন দেশৰ ‘সমাজবাদ’ আৰু ‘ভাৰতৰ সমাজবাদ’ৰ মাজত পাৰ্থক্য আছে। ‘কল্যাণকামী ৰাষ্ট্ৰ’ৰ পৰা আমি সকলোৱে উপকৃত হওঁ। প্ৰতিজন নাগৰিকে সমান সুযোগ পায়। মন কৰিব যে ১৯৭৬ চনত ইন্দিৰা গান্ধী চৰকাৰে সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ বাবেই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদ’, ‘ধৰ্মনিৰপেক্ষতা’ শব্দ দুটা সংযোজন কৰা হ’ল।

Related News