অসমত অমিক্ৰনত আক্ৰান্ত হোৱা নাই কোনো লোক, স্পষ্ট কৰিলে তেজপুৰ মেডিকেল কলেজে

অসমত প্ৰথমগৰাকী অ’মিক্ৰন (Omicron) আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথা সম্প্ৰচাৰিত বাতৰি অস্বীকাৰ কৰিছে তেজপুৰ মেডিকেল কলেজে।

আজি টুইটাৰত তেজপুৰ মেডিকেল কলেজে এইবুলি উল্লেখ্য কৰে যে মেডিকেল কলেজ খনৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগী জন কোভিডত আক্ৰান্ত যদিও তেওঁ অমিক্ৰনত আক্ৰান্ত বুলি এতিয়াও কোনো প্ৰমাণ পোৱা হোৱা নাই।

লোক জনৰ তেজ পৰীক্ষা কৰিবলৈ পঠোৱা হৈছে। পৰীক্ষাৰ প্ৰতিবেদন নহালৈকে অমিক্ৰন সন্দৰ্ভত কাকো উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে তেজপুৰ মেডিকেল কলেজ কৰ্তৃপক্ষই।

উল্লেখ্য কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণ সংক্ৰমিত প্ৰথমগৰাকী ৰোগী শোণিতপুৰ জিলাত চিনাক্ত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল।

প্ৰকাশিত বাতৰি অনুসৰি শোণিতপুৰৰ বালিপৰাৰ বুঢ়াগাঁও চাপৰিত শনিবাৰে চিনাক্ত হৈছে ৰাজ্যৰ প্ৰথম অ’মিক্ৰণ আক্ৰান্ত ৰোগীগৰাকী।

অ’মিক্ৰণ ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত ৰোগীগৰাকীৰ নাম সূৰ্য বাহাদুৰ তামাং।

ৰোগীগৰাকী চৌদি আৰৱত কৰ্মৰত আছিল।

নিশাই তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।