“কণ্ঠহীনৰ কণ্ঠ”: নৰৱেৰ লেখক জন ফ’ছেলৈ ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল

Nobel Prize in Literature Jon Fosse

আজি ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ সাহিত্যৰ নোবেল বিজয়ীৰ নাম। নৰৱেৰ লেখক জন ফ’ছেলৈ ছুইডিছ একাডেমীয়ে আগবঢ়াইছে এই বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে।

প্ৰখ্যাত লেখকগৰাকীলৈ এই সন্মান আগবঢ়াই ছুইডিছ একাডেমীয়ে কয় যে কণ্ঠহীনৰ কণ্ঠস্বৰ হৈ পৰা ফ’ছেৰ অভিনৱ নাটক আৰু গদ্যৰ বাবে তেওঁক সাহিত্যৰ নোবেল প্ৰদান কৰা হৈছে।

সাহিত্যৰ বিভিন্ন ধাৰা ক্ৰমে নাটক, উপন্যাস, কবিতা সংকলন, প্ৰবন্ধ, শিশু সাহিত্য আৰু অনুবাদক সমৃদ্ধ কৰি তুলিছে প্ৰখ্যাত লেখকগৰাকীয়ে।

“ফ’ছে সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ নাট্যকাৰ হিচাপে পৰিগণিত হ’লেও গদ্যৰ বাবেও তেওঁ ক্ৰমান্বয়ে স্বীকৃতি লাভ কৰিছে।”- বঁটা ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমীয়ে এইদৰে কয়।

উল্লেখ্য যে, জন ফ’ছেৰ সাহিত্য বিশ্বৰ চল্লিশতকৈও অধিক ভাষালৈ অনুদিত হৈছে। তেওঁৰ লিখন শৈলী ‘ফ’ছে মিনিমালিজম’ নামেৰে সমগ্ৰ বিশ্বতে প্ৰখ্যাত হৈ পৰিছে।

১৯৫৯ চনত নৰৱেত জন্মগ্ৰহণ কৰা ফ’ছেৰ প্ৰথম উপন্যাস আছিল Raudt, svart (১৯৮৩)।

১৯৯৯ চনত ক্ল’ড ৰেজিয়ে ফ’ছেৰ নাটক Nokon kjem til komme প্ৰযোজনা কৰাৰ পিছতে ইউৰোপত আত্মপ্ৰকাশ ঘট ঔপন্যাসিক আৰু নাট্যকাৰগৰাকীৰ।

উল্লেখ্য যে, বিগত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ উপন্যাস A New Name: Septology VI-VII ৰ ডেমিয়ন ছিয়াৰ্লছৰ দ্বাৰা ইংৰাজী অনুবাদে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ বাবে চৰ্টলিষ্ট হৈছিল।