ধোনীলৈ মনত পৰে টিম ইণ্ডিয়াৰ? এতিয়াও খালী আছে কোণৰ ছীট

Nobody_sits_on_MS_Dhonis_corner_seat_we_miss_him_ians

নিউজিলেণ্ডৰ বিৰুদ্ধে ২-০ত আগবাঢ়ি থকা ভাৰতীয় ক্ৰিকেট দলটোৱে বুধবাৰে শৃংখলাৰ তৃতীয়খন টি-২০ মেচত অংশ ল’ব। ইয়াৰ বাবে ইতিমধ্যে বাছেৰে গৈ হেমিল্টনত উপস্থিত হৈছে ভাৰতীয় দল।

বাছেৰে গৈ থকা অৱস্থাত ভাৰতীয় দলটোক সম্পূৰ্ণ হাঁহিৰ খোৰাক দিয়ে লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহালে। সাধাৰণতে চাহালে দলৰ ভ্ৰমণৰ সময়ত প্ৰায়ে চাহাল টিভি নামেৰে এক অনুষ্ঠান কৰা দেখা যায়।

অনুষ্ঠানত ক্ৰিকেটাৰগৰাকীয়ে জ্যেষ্ঠ তথা সতীৰ্থ খেলুৱৈ সকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি ভ্ৰমণৰ সময়ছোৱা জীপাল কৰি তোলে।

সততে দেখি অহাৰ দৰে সোমবাৰেও চাহালে বাছেৰে আহি থকা অৱস্থাত দলৰ কিছু খেলুৱৈৰ সৈতে ধেমালীসুলভ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ লগতে খুব ফুৰ্তি কৰা দেখা যায়।

সাক্ষাৎকাৰটোৰ অন্তত চাহালে যথেষ্ট সন্মান সহকাৰে তথা আবেগিকভাৱে ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মহেন্দ্ৰ সিং ধোনীলৈ ভাৰতীয় দলৰ বহুত মনত পৰে বুলি মন্তব্য কৰি চাহালে বাছৰ একেবাৰে কোণৰ ছীটটোলৈ যায়। ভ্ৰমণৰ সময়ত সাধাৰণতে ধোনীয়ে বহা ছীটটো দেখুৱাই চাহালে কয়, ‘এইটোৱেই ছীট যিটোত এগৰাকী কিম্বদন্তী বহিছিল। মাহী ভাই। এই ছীটটোত এতিয়া কোনো নবহে। আমি তেওঁক বহুত মিছ কৰো’।

চাহালে গ্ৰহণ কৰা সাক্ষাৎকাৰৰ ভিডিঅ’টো বি চি চি আইয়ে টুইটযোগে শ্বেয়াৰ কৰে।

অপেনাৰ কেল এল ৰাহুল, কুলদীপ যাদৱ, ঋষভ পণ্টৰ লগতে যশপ্ৰীত বুমৰাহৰ সাক্ষাৎ গ্ৰহণ কৰে চাহালে।

উল্লেখ্য যে ২০১৯ বিশ্বকাপৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ নোলাৱা ধোনীয়ে কেৰিয়াৰ সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সকলোৰে বাবে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।