‘অসমীয়াক মাৰ’ গালিৰে নগাঁৱত বন্ধ সমৰ্থকক প্ৰহাৰ অনা অসমীয়াৰ

Assam bandh

প্ৰতীকী ছবি।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যৰ ৪৬ টাতকৈ অধিক সংগঠনে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ মাজতে নগাঁৱত এগৰাকী বন্ধ সমৰ্থকক অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে নগাঁও চহৰৰ হয়বৰগাঁঁৱৰ সৰু বজাৰত আজি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান জনাবলৈ যোৱা লুইত বৰা নামৰ এজন বন্ধ সমৰ্থকক কেইজনমান অনা অসমীয়া ব্যৱসায়ীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। ব্যৱসায়ী কেইজনে আনকি ‘ধৰ ধৰ মাৰ’, ‘অসমীয়াক মাৰ’ আদি গালি পাৰি যুৱকজনৰ ডিঙিত ৰচীৰে মেৰিয়াই ধৰে।

আনহাতে, এই সম্পৰ্কত যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও জাতীয় সংগঠনে হয়বৰগাঁও আৰক্ষী চকীত বিয়লি এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বাতৰি লিখা পৰ্যন্ত কাকো আটক কৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে নতুন বজাৰত টায়াৰ জ্বলাই বিধেয়কখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

আনহাতে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁৱতো আজি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায়। বন্ধৰ সময়ছোৱাত জিলাখনৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে৷ তদুপৰি বন্ধৰ সমৰ্থকসকলে নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধৰ সময়ত নগাঁও চহৰত পাঁছজন, কামপুৰত চাৰিজন আৰু কলিয়াবৰত পঞ্চাশজনৰো অধিক বন্ধৰ সমৰ্থকক আৰক্ষীয়ে আটক কৰে যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়ে।