ইউটিচি গঠনৰ প্ৰক্ৰিয়া অনতিপলমে বন্ধ কৰাৰ দাবী অবড়োৰ

Non-Bodo-protest-702x336

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শুকুৰবাৰে অবড়োৰ প্ৰতিবাদ।

সুকীয়া বড়োলেণ্ড কিম্বা ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল গঠনৰ প্ৰক্ৰিয়া তুৰন্তে বন্ধ কৰাৰ লগতে ২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তিখন পুনৰীক্ষণ কৰা হওক আৰুবি টি এ ডি এলেকাৰ পৰা অবড়ো গাঁওসমূহ কৰ্তন কৰক।

উক্ত দাবীসমূহ সন্মুখত ৰাখি শুকুৰবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত অবড়ো সুৰক্ষা সমিতি, সংগ্ৰামী যুৱ-ছাত্ৰ মঞ্চ আৰু নাগৰিক মঞ্চৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণো অবড়ো সুৰক্ষা সমিতিৰ অন্যতম দাবী বুলি উল্লেখ কৰে।

আনহাতে, ধৰ্ণাথলীত আয়োজন কৰা প্ৰতিবাদী সভাত সুৰক্ষা মঞ্চৰ নেতা ব্ৰজেন মহন্তই বড়োলেণ্ডক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰখনে কৰি অহা ৰাজনীতিক তীব্ৰ সমালোচনা কৰে। তেওঁ বড়োলেণ্ডক লৈ কেন্দ্ৰই একপক্ষীয়ভাৱে কাম কৰি থকাৰ অভিযোগ উত্থাপন কৰে।

‘’ইউনিয়ন টেৰিটৰিয়েল কাউন্সিলেই হওক অথবা পৃথক বড়োলেণ্ডেই হওক কেন্দ্ৰই অসমীয়া জাতিক ধ্বংস কৰাৰ বাবেই এটা এটাকৈ সিদ্ধান্ত লৈ আছে,’’-মহন্তই অভিযোগ কৰে।

বড়োলেণ্ডৰ সমস্যাক লৈ দ্বিপাক্ষিক বৈঠকৰ পৰিৱৰ্তে বহুপাক্ষিক বৈঠকৰ আয়োজন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় মহন্তই কয় যে ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰৰ জৰিয়তে আৰম্ভ হোৱা জাতিধ্বংসী প্ৰক্ৰিয়াই এতিয়া বড়োলেণ্ডক অস্থিৰ কৰি তুলিছে।

ইপিনে, ধৰ্ণাস্থলীত উপস্থিত হৈ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ‘অবড়ো সংগ্ৰাম’খনক পূৰ্ণ সহযোগিতা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আগন্তুক দিনত এই সংগ্ৰামখনক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰে।

শৰণীয়াই কয়, ‘’ আমি বড়ো চুক্তিৰ পুনৰীক্ষণ বিচাৰো। বিটিচিক উন্নীত কৰাটো আমি নিবিচাৰো।বিটিচিৰ অধীনলৈ অনা অবড়ো গাঁওসমূহ বিটিচিৰ পৰা বাদ দিব লাগিব। যেতিয়ালৈকে বড়ো চুক্তি পুনৰীক্ষণ কৰা নহয়, তেতিয়ালৈকে বিটিএডিত বাস কৰা অবড়োসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি থাকিব।‘’

ধৰ্মা কাৰ্যসূচীৰ পাছতে সুৰক্ষা সমিতি, সংগ্ৰামী যুৱ-ছাত্ৰ মঞ্চ আৰু নাগৰিক মঞ্চৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ সুকীয়াভাৱে তেওঁলোকৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।