নৰ্থ-ইষ্ট য়ুনাইটেডৰ হাতত ২-১ গ’লত পৰাস্ত শক্তিশালী মুম্বাই চিটি এফ চি

চলিত ইণ্ডিয়ান ছুপাৰ লীগ প্ৰতিযোগিতাত শনিবাৰে নিশা অনুষ্ঠিত হোৱা এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে পঞ্চম বিজয় সাব্যস্ত কৰে।

বেম্বোলিমৰ জি এম চি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডে শক্তিশালী দল মুম্বাই চি টি এফ চিক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

নৰ্থ-ইষ্ট য়ুনাইটেডে খেলখনৰ আৰম্ভণিৰ মাত্ৰ ৯ মিনিটৰ ভিতৰতে দুটাকৈ গ’ল দি চমৎকাৰ আৰম্ভণি কৰে।

খেলখনৰ ষষ্ঠ মিনিটত আৰু নৱম মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ ডেছৰ্নব্ৰাউনে গ’ল দুটা দিয়ে।

প্ৰথমাৰ্ধত নৰ্থ-ইষ্ট য়ুনাইটেড ২-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে।

আনহাতে, খেলৰ দ্বিতীয়াৰ্ধত মুম্বাই চিটি এফ চিৰ হৈ ফণ্ড্ৰেই এটা গ’ল কৰি জয়ৰ পৰাজয়ৰ ব্যৱধান ২-১ গ’ললৈ হ্ৰাস কৰে।

চলিত ইণ্ডিয়ান ছুপাৰ লীগ প্ৰতিযোগিতাত নৰ্থ-ইষ্ট য়ুনাইটেড বৰ্তমান পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।