ছেমি ফাইনেলত আত্মবিশ্বাসী নৰ্থ-ইষ্ট য়ুনাইটেডৰ সন্মুখত যুঁজাৰু বেংগালৰু এফ চি

নৰ্থ-ইষ্ট য়ুনাইটেড আৰু বেংগালুৰু এফ চিৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

নৰ্থ-ইষ্ট য়ুনাইটেড আৰু কেৰালা ব্লাষ্টাৰ্ছৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় লীগৰ খেলখন গল শূন্যভাৱে সমাপ্ত হয়। ঘৰুৱা দৰ্শকৰ সন্মুখত কেৰালাই উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ালেও নৰ্থ-ইষ্ট য়ুনাইটেডৰ শক্তিশালী ৰক্ষণ বিভাগক পৰাস্ত কৰিবলৈ সক্ষম নহ’ল।

বিগত আই এছ এলত দুৰ্বল প্ৰদৰ্শনৰ পাছত চলিত বৰ্ষত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্ট য়ুনাইটেডে ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ছেমিফাইনেলত শক্তিশালী বেংগালৰু এফ চিৰ মুখামুখি হ’ব।

শুকুৰবাৰে কেৰালাত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে সমানে আক্ৰমণ, প্ৰত্যাক্ৰমণেৰে খেল আৰম্ভ কৰিছিল যদিও ২৩ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গুৰবিন্দৰ সিঙক ৰেফাৰীয়ে বিধি-নিষিদ্ধ খেলৰ বাবে ৰঙা কাৰ্ড দেখুওৱাত পৰৱৰ্তী সময়ছোৱাত দহজন খেলুৱৈৰে যুঁজ দিব লগা হয় দলটোৱে।

চলিত আই এছ এলত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা নৰ্থ-ইষ্ট য়ুনাইটেডে ১৮খন খেলৰ পৰা ২৯ পইণ্ট সংগ্ৰহ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থাকে। আনহাতে কেৰেলা ব্লাষ্টাৰ্ছে ১৮খন খেলৰ পৰা ১৫ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ নৱম স্থানত থাকে।

প্লে’-অফলৈ যোগ্যতা অৰ্জনৰ পাছত নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষকে দলৰ পাঁচজনকৈ খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাক লৈ চিন্তিত বুলি উল্লেখ কৰি খেলৰ সময়লৈকে খেলুৱৈকেইজন সুস্থ হৈ উঠিব বুলি আশা ব্যক্ত কৰে।