আজি আই এছ এলৰ গুৰুত্বহীন খেলত ওড়িশাৰ বিৰুদ্ধে নৰ্থ-ইষ্ট য়ুনাইটেড

NEUFC

নৰ্থ-ইষ্ট য়ুনাইটেড

চলিত আই এছ এলত দুৰ্বল প্ৰদৰ্শন দাঙি ধৰি ইতিমধ্যে প্ৰতিযোগিতাখনৰ প্লে-অফত প্ৰবেশৰ দৌৰৰ সামৰণি মৰা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি এখন গুৰুত্বহীন খেলত ওড়িশা এফ চিৰ মুখামুখি হ’ব।

সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হ’ব।

চলিত আই এছ এলত দুৰ্বল প্ৰদৰ্শন দাঙি ধৰাৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰ’বাৰ্ট জাৰ্নিক দলে ইতিমধ্যে অব্যাহতি দিছে।

ৰ’বাৰ্ট জাৰ্নিৰ প্ৰশিক্ষণ প্ৰাপ্ত নৰ্থ-ইষ্ট য়ুনাইটেডে ক্ৰমাগত ১১ খন খেলত জয়ৰ পৰা বঞ্চিত হৈ আছে।

পইণ্ট তালিকাত বৰ্তমানলৈ ১৩ পইণ্ট সংগ্ৰহ কৰি নৰ্থ-ইষ্ট য়ুনাইটেড নৱম স্থানত থকাৰ বিপৰীতে ওড়িশাই ২১ পইণ্টেৰে ষষ্ঠ স্থানত আছে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্লে-অফৰ আশা সমাপ্ত হলেও ওড়িশা এফ চিৰ এতিয়াও প্লে-অফৰ আশা সমাপ্ত হোৱা নায়।

‘‘আমাৰ দলত বৰ্তমান মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নি নাই যদিও আমাৰ মনোবল হ্ৰাস হোৱা নাই, আমি জয়ৰ লক্ষ্যৰে ওড়িশাৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হম,’’ নৰ্থ-ইষ্ট য়ুনাইটেডৰ ভাৰপ্ৰাপ্ত প্ৰশিক্ষক খালিদ জামিলে কয়।

উল্লেখযোগ্য যে, নৰ্থ-ইষ্ট য়ুনাইটেডে ইয়াৰ পূৰ্বে গুৱাহাটীৰ সৰুসজাইত ওড়িশা এফ চিক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।