NORTHEAST NOW (Assamese)

উত্তৰ ভাৰতত শীঘ্ৰেই স্থাপন হ’ব পাৰমাণৱিক শক্তি কেন্দ্ৰ: ঘোষণা কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰীৰ

February 18, 2023 7:19 pm · এন ই নাও নিউজ, গুৱাহাটী

হাৰিয়ানাৰ এখন গাঁৱত স্থাপন কৰা হ’ব উত্তৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ। দেশৰ ৰাজধানী দিল্লীৰ পৰা উত্তৰে প্ৰায় ১৫০ কিঃমিঃ দূৰৈৰ ফাতেহাবাদ জিলাৰ গোৰখপুৰত স্থাপন কৰা হ’ব এই পাৰমাণৱিক শক্তি কেন্দ্ৰটো। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

আজি নতুন দিল্লীত এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তত পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপন কৰাটো দেশৰ এক বৃহৎ সফলতা হিচাপে গণ্য কৰা হ’ব বুলি মন্তব্য কৰে।

উল্লেখ্য যে উত্তৰ ভাৰতত পাৰমাণৱিক শক্তি কেন্দ্ৰ এয়াই প্ৰথম। ইয়াৰ আগতে ভাৰতত নিৰ্মাণ কৰা পাৰমাণৱিক শক্তি কেন্দ্ৰ সমূহ দক্ষিণ ভাৰতত বিশেষকৈ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আদিতে সীমাবদ্ধ হৈ আছিল।

হাৰিয়ানাৰ ফাতেহাবাদৰ গোৰখপুৰ গাঁৱত ৭০০ মেগাৱাট ক্ষমতাৰ দুটা ইউনিটৰ প্ৰেচাৰাইজড হেভি ৱাটাৰ ৰিয়েক্টৰ (পি এইচ ডব্লিউ আৰ) আৰ্হিৰ অনুবিদ্যুৎ পৰিযোজনা (GHAVP) কাৰ্যকৰী কৰা হৈছে।

এই প্ৰকল্পটোত এতিয়ালৈকে মুঠ আৱণ্টিত ২০,৫৯৪ কোটি টকাৰ ধনৰ ৪,৯০৬ কোটি টকা ব্যয় কৰা হৈছে। অৰ্ধসম্পূৰ্ণ কাম শীঘ্ৰেই সম্পন্ন কৰা হ’ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

Related News