কিম জঙৰ কীৰ্তি! এইবাৰ জাপানৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

ফটো: সংগৃহিত।

শেহতীয়াক এটাৰ পিছত এটাকৈ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰি আহিছে উত্তৰ কোৰিয়াই। কেইদিনমান পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে চুবুৰীয়া দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল উত্তৰ কোৰিয়াই।

বাতৰি অনুসৰি, এইবাৰ দেশখনে জাপানৰ ওপৰেৰে এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। পাৰমাণৱিক অস্ত্ৰসজ্জিত উত্তৰ কোৰিয়াই পাঁচ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনে ঘটনা ঘটাইছে। মঙলবাৰে উত্তৰ কোৰিয়াই মিছাইলটো নিক্ষেপ কৰিছে।

লগতে পঢ়ক: সময়মতে বিমান ধৰিব নোৱাৰাৰ বাবেই ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ দলৰ পৰা বাদ পৰিল হেটমেয়াৰ!

ইপিনে, জাপানে উত্তৰ কোৰিয়াৰ কাৰ্যকলাপৰ সন্দৰ্ভত ইয়াৰ বাসিন্দাসকলক সতৰ্কবাণী জাৰি কৰিছে। দেশখনে ইয়াৰ নাগৰিকসকলক সুৰক্ষিত আশ্ৰয় বিচাৰি যাবলৈ কৈছে আৰু উত্তৰ জাপানত ৰে’ল সেৱা অস্থায়ীভাৱে স্থগিত ৰখা হৈছে।

বাতৰি মতে, উত্তৰ কোৰিয়াই নিক্ষেপ কৰা মিছাইলটো জাপানৰ ভূখণ্ডৰ ওপৰেৰে উৰি প্ৰশান্ত মহাসাগৰত পৰিছে। জাপানে কৈছে যে চৰকাৰে নাগৰিকসকলক সুৰক্ষিত আশ্ৰয়লৈ যাবলৈ সতৰ্ক কৰি দিছে কিয়নো প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰাৰ আগতে মিছাইলটো জাপানৰ ভূখণ্ডৰ ওপৰেৰে উৰি যোৱা অনুমান কৰা হৈছে।

দেশখনে কৈছে যে ২০১৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ ওপৰেৰে নিক্ষেপ কৰা বা ইয়াৰ ভূখণ্ড অতিক্ৰম কৰা উত্তৰ কোৰিয়াৰ বেলিষ্টিক মিছাইল ধ্বংস কৰিবলৈ জাপানে কোনো প্ৰতিৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰা নাই।

লগতে পঢ়ক: অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তি: খেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক!

জাপানে দাবী কৰিছে যে মিছাইলটো সৰ্বোচ্চ ১,০০০ কিলোমিটাৰ উচ্চতাত ৪,৬০০ কিলোমিটাৰ উৎক্ষেপিত হৈ গৈছিল।