ডেমকেয়াৰ কিম! আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ লক্ষ্যত আক্ৰমণৰ অনুশীলন চলালে উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াই কৈছে যে ইয়াৰ সামৰিক বাহিনীয়ে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লক্ষ্যত আক্ৰমণৰ অনুশীলন চলাইছে। দুয়োখন দেশৰ দ্বাৰা যৌথভাৱে অনুষ্ঠিত শেহতীয়া বিমান অনুশীলনৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰ কোৰিয়াই শত্ৰুৰ লক্ষ্যত আঘাত কৰিবলৈ এই অনুশীলন চলায়।

ইয়াৰ পূৰ্বে, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভিজিলেণ্ট ষ্টৰ্ম নামৰ ছয় দিনীয়া যৌথ বিমান অনুশীলন অনুষ্ঠিত কৰিছিল।শনিবাৰে এই অনুশীলন সমাপ্ত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই এই অনুশীলনক “অভূতপূৰ্ব” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: কি যে বিড়ম্বনা! এইবাৰ ‘এলন মাস্ক’হঁতক বহিষ্কাৰ কৰিছে টুইটাৰে!

ইপিনে, উত্তৰ কোৰিয়াৰ সামৰিক বাহিনীয়ে সোমবাৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুশীলন “ৰাজহুৱা উচটনি” বুলি উল্লেখ কৰিছে।

উত্তৰ কোৰিয়াৰ সামৰিক বাহিনীয়ে লগতে কয় যে তেওঁলোকে যৌথ অনুশীলনৰ প্ৰতিক্ৰিয়াস্বৰূপে শত্ৰুৰ বিমান ঘাটি আৰু যুদ্ধবিমানৰ ওপৰত আক্ৰমণৰ অনুশীলন চলাইছে।

লগতে পঢ়ক: ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে বিলুপ্ত কৰিলে ৮০০০ খালী হৈ থকা নিয়মীয়া শিক্ষকৰ পদ!

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ যৌথ অনুশীলনৰ সময়ত পিয়ংইয়ংয়ে একেৰাহে মিছাইল নিক্ষেপ কৰিছিল।