• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন এছ চি এনৰ অধ্যক্ষই কি কৈছিল? “নাগাই ভাৰতক ভয় নকৰে, উত্তৰ-পূব নৃগোষ্ঠীয় লোকৰ আৰু সদায়ে তেওঁলোকৰে হৈ থাকিব”

সমগ্ৰ উত্তৰ-পূবৰ ভূমিপুত্ৰৰ কণ্ঠ প্ৰতিফলিত হোৱা অধ্যক্ষ টুক্কুৰ ভাষণটো

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 1:24 pm
Army optimistic about Naga talks

এন এচ চি এন (আই এম) বিদ্ৰোহী। ছবি সৌজন্য-- The Hindu

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰক ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ)ৰ পৰা কেন্দ্ৰই বঞ্চিত কৰাৰ সময়তে নাগাসকলক বিশেষাধিকাৰ দিয়া সংবিধানৰ ৩৭১ (এ)  অনুচ্ছেদটোক লৈয়ো শংকাৰ সৃষ্টি হৈছে।

এই সম্পৰ্কত কেন্দ্ৰৰ সৈতে আলোচনাৰে কাশ্মীৰৰ দৰে একেই কিছুমান অতি বিশিষ্ট ধৰণৰ অধিকাৰ দাবী কৰি থকা এন এছ চি এন (আই এম)-এ এতিয়ালৈকে একো মত প্ৰকাশ কৰা নাই।

কিন্তু সংগঠনটোৰ নৱনিৰ্বাচিত অধ্যক্ষ কেহেজু টুক্কুৱে (Qhehezu Tuccu) ভাৰত ৰাষ্ট্ৰশক্তিৰ বিপক্ষে নিজৰ আত্মপ্ৰত্যয়েৰে যোৱা মাৰ্চ মাহত দিয়া এটা বক্তৃতা অতি প্ৰাসংগিক।

উত্তৰ-পূবৰ অন্যতম সশস্ত্ৰ বিদ্ৰোহী গোটটোৰ নৱনিযুক্ত অধ্যক্ষজনে ডিমাপুৰস্থিত তেওঁৰ বাসগৃহত দিয়া এটা ধন্যবাদজ্ঞাপক বক্তৃতাত কিছুমান কথা কৈছিল, যিবোৰত নাগা আৰু উত্তৰ-পূবৰ জনাংশৰ আকাংক্ষা আৰু অধিকাৰ দাঙি ধৰিছিল।

“ভাৰত এক বৃহত ৰাষ্ট্ৰ হোৱা মানেই এইটো নহয় যে আমি ইয়াৰ সন্মুখত দুৰ্বল অনুভৱ কৰিম”, উপস্থিতসকলক সম্বোধন কৰি টুক্কুৱে মন্তব্য কৰিছিল।

তেওঁ নাগালেণ্ডক ভাৰতৰ পৰা খুজি লোৱা ভূমি নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে আৰু সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া লোকৰ কণ্ঠক প্ৰতিধ্বনি দি কয়, “উত্তৰ-পূব নৃগোষ্ঠীয় লোকৰ আৰু সদায়ে তেওঁলোকৰে হৈ থাকিব”।

“আমি ইয়াত বাৰ্মিজ অনুগ্ৰহৰ বিনিময়ত থকা নাই, আমি ভাৰতক আমাৰ ভূখণ্ডৰ অধিকাৰী কৰি দিবলৈ খাটনি ধৰা নাই। নাগাভূমি সদায়ে নাগাসকলৰ আৰু ই সদায়ে তেওঁলোকৰে হৈ থাকিব। এইটোৱে মোৰ দৃঢ় মত। আমাৰ ভূমিৰ বাবে কাৰো পৰা অনুমতিৰ দৰকাৰ নাই”, প্ৰত্যয়পূৰ্ণ বক্তৃতাটোত অধ্যক্ষজনৰ মন্তব্য।

তেওঁ নাগা বিদ্ৰোহক নেতৃত্ব দি অহা পূৰ্বৰ নেতাসকলৰ প্ৰসংগ টানি আনি ‘নেতাসকলে ভাৰত আৰু ম্যানমাৰক এক ইঞ্চিও মাটি এৰি দিবলৈ সন্মত নাছিল’ বুলিও মন্তব্য কৰিছিল।

“নাগাৰ স্বাৰ্থত হাজাৰ হাজাৰজনে তেওঁলোকৰ ঘাম, চকুলো, ৰক্ত আৰু জীৱন পাত কৰিলে। জীয়াই থকাসকলেও একেই ভাবনাৰে কাম কৰি যাব লাগিব”, টুক্কুৱে কয়।

অধ্যক্ষজনে সংগঠনটোৱে কেতিয়াবা ভুল কৰিব পাৰে বুলি স্বীকাৰ কৰি কয়, “কোনোৱে পাৰ্ফেক্ট নহয়”। তেওঁ ভুলবোৰ আঙুলিয়াই দিবলৈও আহ্বান জনায়, যাতে সেইবোৰৰ বিষয়ে অৱগত হ’ব পাৰি।

কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদাৰ পৰা বঞ্চিত কৰি কেন্দ্ৰই যোৱা ৫ আগষ্টত এটা ৰাষ্ট্ৰপতীয় নিৰ্দেশৰ জৰিয়তে সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) বাতিল কৰিছে।

নাগালেণ্ডেও ৩৭১ (এ) অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্য্যাদা লাভ কৰি আহিছে।

কাশ্মীৰৰ দৰে প্ৰায় অনুৰূপ বিশেষ সাংবিধানিক ব্যৱস্থা পাবলৈ কেইবা দশকজোৰা সশস্ত্ৰ বিদ্ৰোহ  কৰি অহা এন এছ চি এন (আই এম)ৰ অধ্যক্ষজনৰ প্ৰায় ছমাহ পূৰ্বৰ এই বক্তৃতা বহুকেইটা দিশৰ পৰা অতি তাৎপৰ্য্যপূৰ্ণ।

কেহেজু টুক্কুৱে (Qhehezu Tuccu) যোৱা ফেব্ৰুৱাৰি মাহত সংগঠনটোৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল, যিটো পদ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ইশ্বাক চিচিৰ মৃত্যুৰ পিছত খালী হৈ আছিল প্ৰায় তিনি বছৰ ধৰি। সংগঠনটো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd