দুবাৰৰ চেম্পিয়ন এ টি কেক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে নৰ্থ-ইষ্ট য়ুনাইটেডে

enoVD3SME4

হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগৰ পঞ্চম সংস্কৰণৰ দ্বিতীয়খন মেচত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে শক্তিশালী ফুটবল ক্লাব তথা দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতাক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে সন্ধিয়া কলকাতাৰ ছ’ল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত দুয়োটা দলে আৰম্ভণিৰে পৰা যথেষ্ট আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰা দেখা যায়। খেলখনত প্ৰথমটো মোক্ষম আঘাতৰ সন্মুখীন হয় ঘৰুৱা দল কলকাতা। কলকাতা দলৰ খেলুৱৈ ৰাল্টেই খেলপথাৰত অখেলুৱৈসুলভ আচৰণ কৰাৰ বাবে ৩২ মিনিটত ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱাই খেলপথাৰৰ বাহিৰ কৰি দিয়ে।

এইদৰে ঘৰুৱা দলটোৱে মেচখনৰ বাকী থকা ৫৮ মিনিট ১০ জন খেলুৱৈৰে খেলিব লগা হোৱাত ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডে। ঘৰুৱা দলটোৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আক্ৰমণ কৰে যদিও খেলৰ অন্ত পৰিবলৈ মাত্ৰ এক মিনিট বাকী থকা অৱস্থাতহে ৰাউলিন বৰছেজে দিয়া গ’লৰ সহায়ত জয়লাভ কৰে নৰ্থ-ইষ্ট য়ুনাইটেড।

উল্লেখ্য যে আই এছ এলৰ বিগত চাৰিটা সংস্কৰণত অতি নিম্নমানৰ প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত ছিজনৰ প্ৰথমখন খেলত গোৱা এফ চিৰ বিৰুদ্ধে ড্ৰ খেলিবলৈ সক্ষম হৈছিল।

আনহাতে দুবাৰৰ চেম্পিয়ন দল এটলেটিকো ডি কলকাতাই পঞ্চম সংস্কৰণত পৰাজয়বৰণ কৰিব লগা হোৱাত স্বাভাৱিকতে চিন্তিত হৈ পৰিছে দলটোৰ মেনেজাৰ তথা সমৰ্থক সকল।