গুৱাহাটীত মুকলি উত্তৰ পূৱৰ প্ৰথমটো মানৱ দুগ্ধ কেন্দ্ৰ : ছবছৰলৈ সংৰক্ষিত হৈ থাকিব মাতৃ দুগ্ধ!

blog_image_5_v2.0

বুধবাৰে গুৱাহাটী মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মানৱ দুগ্ধ কেন্দ্ৰ মুকলি কৰা হৈছে।

দেশৰ ১৫ সংখ্যক তথা উত্তৰ পূৱৰ প্ৰথমটো দুগ্ধ কেন্দ্ৰ মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত(SCH) বুধবাৰে মুকলি কৰা হৈছে।

কেন্দ্ৰটোৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি এই মানৱ দুগ্ধ কেন্দ্ৰটোত ছয়বছৰলৈকে মানৱ দুগ্ধ সংৰক্ষণ কৰিব ৰাখিব পৰা যাব।

“স্তনৰ দুগ্ধ নৱজাতক তথা কেঁচুৱাৰ বাবে সৰ্বোকৃষ্ট খাদ্য। ৫ বছৰল তলৰ শিশু তাত নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ প্ৰথম ছমাহ কেৱল স্তনৰ দুগ্ধ পান কৰাবলৈ পৰামৰ্শ দিয়া হয়। নৱজাতকৰ জন্মৰ প্ৰথমটো ঘণ্টাৰ পৰাই ইয়াক আৰম্ভ কৰিবলৈ দিয়া হয়।” SCHৰ শিশু আৰু নৱজাতক বিশেষজ্ঞ ডাঃ দেৱজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

ভাৰতত বহু নৱজাতকে স্তনৰ দুগ্ধৰ পৰা বঞ্চিত অহাৰ ফলত বিভিন্ন ধৰণৰ উপসৰ্গ তথা ৰোগত আক্ৰান্ত হৈ আহিছে বুলি উল্লেখ কৰি বিশেজ্ঞ চিকিৎসকগৰাকীয়ে লগতে কয় যে যিসকল নৱজাতকে জন্ম দিনৰ পৰাই মাতৃ বা স্তনৰ দুগ্ধৰ পৰা বঞ্চিত হৈ আহিছে অথবা হ’ব তেওঁলোক ইয়াৰ দ্বাৰা উপকৃত হ’ব।

“ভাৰতত জন্মৰ দিনাৰ পৰাই বহু নৱজাতকে বিভিন্ন কাৰণত মাতৃ দুগ্ধৰ পৰা বঞ্চিত হৈ আহিছে। তেনে নৱজাকসকলৰ বাবে মানৱ দুগ্ধ কেন্দ্ৰটোৱে স্তনৰ দুগ্ধ যোগান ধৰিব।” ডাঃ শৰ্মাই কয়।

হাস্পতালখনে প্ৰথমাৱস্থাত প্ৰতি মাহে দুগ্ধ দিবলৈ সক্ষম ১০০ৰো অধিক মাতৃৰ পৰা মানৱ দুগ্ধ সংগ্ৰহ কৰি সেই দুগ্ধ সংৰক্ষণ কৰিব।

আহিবলগীয়া দিনবোৰত আৰু অধিক মাতৃক দুগ্ধ দান প্ৰক্ৰিয়াত জড়িত কৰি মানৱ দুগ্ধ কেন্দ্ৰটোক সম্প্ৰসাৰিত কৰা হ’ব বুলিও প্ৰকাশ কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই।

এই সংগৃহীত মানৱ দুগ্ধক ফ্ৰীজিঙৰ যোগেদি ছবছৰলৈকে সংৰক্ষণ কৰিব পাৰিব বুলিও বিশেষজ্ঞ ডাঃ শৰ্মাই প্ৰকাশ কৰিছে।