বিৰল দৃষ্টান্ত! কৰ’না বিধি নমনাৰ বাবে আৰক্ষীয়ে দেশৰ প্ৰধানমন্ত্ৰীকে বিহিলে জৰিমনা

Norway Prime Minister

নৰৱেৰ প্ৰধানমন্ত্ৰী এৰনা ছোলবাৰ্গ।

কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ কৰ’না বিধি মানি চলাটো যে গুৰুত্বপূৰ্ণ সেই কথা চিকিৎসক তথা স্বাস্থ্য বিশেষজ্ঞসকলে বাৰম্বাৰ দোহাৰি আহিছে।

মাস্ক নিপিন্ধাৰ বাবে দেশখনত বহু সাধাৰণ নাগৰিকে জৰিমনা ভৰিবলগা হৈছে। সামাজিক দূৰত্ব বিধি মানি চলাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে।

কিন্তু সেই বুলি দেশখনৰ স্বয়ং প্ৰধানমন্ত্ৰী জৰিমনাৰ সন্মুখীন? হয়, এনেকুৱা ঘটনাই ঘটিছে নৰৱেত।

নৰৱেৰ আৰক্ষীয়ে জানিবলৈ দিছে যে প্ৰধানমন্ত্ৰী এৰনা ছোলবাৰ্গক কৰ’না বিধি ভংগ কৰাৰ অভিযোগত জৰিমনা বিহা হৈছে।

যোৱা ফেব্ৰুৱাৰীত নিজৰ ৬০ সংখ্যক জন্মদিনত পৰিয়ালৰ ১৩জন সদস্যক লৈ এক অনুষ্ঠানৰ আয়োজন কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দেশখনৰ কৰ’না বিধি মতে কোনো পাৰ্টিত ১০জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰে। এই নিয়ম ভংগৰ বাবে বিহা হৈছে জৰিমনা।

আনহাতে, প্ৰধানমন্ত্ৰী গৰাকীৰ বিহা জৰিমনাৰ পৰিমান মুঠেও কম নহয়। ২০ হাজাৰ নৰউইজিয়ান ক্ৰাউন বা ২হাজাৰ ৩৫২ মাৰ্কিন ডলাৰ।

যোৱা মহতেই প্ৰধানমন্ত্ৰী এৰনাই উক্ত পাৰ্টিৰ বাবে ক্ষমা বিচাৰিছিল। পিচে, দালি নগলিল। জৰিমনাৰ পৰা হাত সাৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী।

দেশখনৰ আৰক্ষী প্ৰধান ছেভাৰুদে কয় যে আইন সকলোৰে বাবে সমান। তথাপি আইনৰ সন্মুখত সকলোবোৰ সকলো সময়তে সামন নাথাকে। সেয়েহে সামাজিক বাধা নিষেধৰ ক্ষেত্ৰত জনসাধাৰণৰ আস্থা অটুট ৰখাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন হৈছে।

যি কি নহওক, দেশখনে এই কাৰ্যৰ দ্বাৰা বিশ্বৰ আগত এক বিৰল দৃষ্টান্ত দাঙি ধৰিছে। আমাৰ দেশত কেতিয়াবা এনে কথা ভাৱিব পৰা যাবনে?