NORTHEAST NOW (Assamese)

কেৱল অমিত শ্বাহেই নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে : স্পষ্ট কথা এম কে ষ্টেলিনৰ

April 19, 2025 9:14 pm · এন ই নাও নিউজ, গুৱাহাটী

এইখন দিল্লী বা অন্য ৰাজ্য নহয়, এইখন তামিলনাডু হয়। আপুনি অন্য ৰাজ্যত দল ভাঙি আৰু তালাচী চলাই চৰকাৰ গঠন কৰিব পাৰে সেয়া তামিলনাডুত কৰিব নোৱাৰে। তামিলনাডু সদায় দিল্লীৰ নিয়ন্ত্ৰণৰ বাহিৰত । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক এইদৰে সকীয়াই দিলে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে।

কেৱল অমিত শ্বাহেই নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে। এয়া এম কে ষ্টেলিনৰ স্পষ্ট কথা। এয়া যেন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ষ্টেলিনৰ মুকলি প্ৰত্যাহ্বান। অৱশ্যে অন্য এটা কথাও নোহোৱা নহয়, তামিলনাডুৰ অন্য এক আঞ্চলিকতাবাদী শক্তি আইএডিএমকে বিজেপিৰ সৈতে পুনৰ লগ লাগিছে। তেনে সময়তে ষ্টেলিনৰ এই প্ৰত্যাহ্বানে বিশেষ তাত্পৰ্য বহন কৰিছে। ষ্টেলিনৰ মতে দিল্লীৰ কোনো শক্তিয়ে কেতিয়াও দক্ষিণৰ ৰাজ্যখনত শাসন কৰিব নোৱাৰে।

থিৰুভাল্লুৰ জিলাত ৰাজহুৱা অনুষ্ঠানত ভাষণ দি ষ্টেলিনে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ২০২৬ চনত তামিলনাডুত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি কৰা দাবীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। পুনৰ কৈছো “কেৱল অমিত শ্বাহে নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে।” এইদৰে হুংকাৰ দিয়ে ষ্টেলিনে।
বাইট :
ষ্টেলিনে বিজেপিৰ সাধাৰণ কৌশল নুই কৰি সকীয়াই দিয়ে যে, “তামিলনাডুত বিজেপি অভিযান আৰু দল ভাঙি পেলোৱা সূত্ৰই কাম নকৰে। অমিত শ্বাহে আইনগতভাৱে সৃষ্টি কৰা সকলো বাধা আমি ভাঙি দিম। “আমি দিল্লীক প্ৰণাম কৰি থাকিবলৈ তেওঁলোকৰ দাস নহয়। মুথুভেল কৰুণানিধি ষ্টেলিন জীয়াই থকালৈকে আপোনাৰ পৰিকল্পনা সফল নহ’ব।” অমিত শ্বাহলৈ এই সকিয়নী ষ্টেলিনৰ। “মই কান্দিব নোৱাৰো, আসন পাবলৈ কাৰো আগত হাঁহাকাৰ নকৰো।”

তেওঁ লগতে অমিত শ্বাহক সকিয়নী প্ৰদান কৰি কয় ‘আপুনি আপোনাৰ মিত্ৰতাত আত্মসন্মান নথকা লোকক ব্যৱহাৰ কৰি শাসন কৰিব বিচাৰে। আপুনি ইতিহাস পঢ়ক। আমাৰ ভূমি আত্মসন্মান, সাহস আৰু গৌৰৱেৰে ভৰি আছে।আমি কেতিয়াও এনে অভিযানৰ অনুমতি দিয়া নাছিলো।’ এনেদৰেই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে গৰজি উঠে অমিত শ্বাহৰ লগতে বিজেপিৰ বিৰুদ্ধে।

Related News