• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইমৰাণ খানেই নহয়,পাকিস্তানৰ ইতিহাসত কোনো প্ৰধানমন্ত্ৰীয়েই সম্পূৰ্ণ কৰিব পৰা নাছিল নিজৰ কাৰ্যকাল

প্ৰদ্যুম্ন কুমাৰ গগৈ by প্ৰদ্যুম্ন কুমাৰ গগৈ
April 11, 2022 6:51 pm
WhatsApp Image 2022-04-11 at 6.02.06 PM
167
VIEWS
Share on FacebookShare on Twitter

অশেষ উৎকণ্ঠা, তীব্ৰ নাটকীয় পৰিস্থিতিৰ অন্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদবীৰ পৰা ক্ষমতাচ্যুত হ’ল ইমৰাণ খান। ২০১৮ চনত ক্ষমতালৈ অহা ইমৰান খানে দেশখনৰ  ৰাষ্ট্ৰীয় সংসদৰ আস্থাৰ ভোটত পৰাজিত হয়। এনেদৰে গাদীচ্যুত হোৱা প্ৰথমজন পাক প্ৰধানমন্ত্ৰীত পৰিণত হল ইমৰান খান। উল্লেখযোগ্য যে পাঁচ বছৰ পূৰ্ণ নোহোৱাকৈয়ে প্ৰধানমন্ত্ৰী পদবী হেৰুৱালে খানে। কিন্তু এইধৰণৰ ৰাজনৈতিক পৰিস্থিতি দেশখনৰ বাবে নতুন নহয়। কেৱল ইমৰাণ খানেই নহয়, দেশখনৰ কোনো এজন ভূতপূৰ্ব প্ৰধানমন্ত্ৰীয়েই নিজৰ শাসনকাল সম্পূৰ্ণ কৰিব পৰা নাছিল। এই সন্দৰ্ভত এবাৰ চকু ফুৰাওক আমাৰ এই বিশেষ প্ৰতিবেদনত।

পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল লিয়াকৎ আলি খান। ১৯৪৭ চনৰ দেশ বিভাজনৰ লগে লগে মুছলিম লীগৰ নেতা লিয়াকৎ আলি খান প্ৰধানমন্ত্ৰী হয়। লিয়াকৎ আলি খান এজন আধুনিক ভাৱাদৰ্শী নেতা আছিল। কিন্তু সম্পূৰ্ণ শাসনকাল পূৰ্ণ নহওতেই ১৯৫১ চনৰ ১৬ অক্টোবৰত ৰাৱালপিণ্ডিৰ এখন ৰাজহুৱা সভাত তেওঁক এজন আততায়ীয়ে গুলিয়াই হত্যা কৰে।

লিয়াকৎ আলি খানৰ পাছত প্ৰধানমন্ত্ৰী হয় খাজা নাজিমুদ্দিন। ১৯৫১ চনৰ ১৭ অক্টোবৰত তেওঁ এই পদত অধিষ্ঠিত হয়। কিন্তু উক্ত সময়ছোৱাতে লাহোৰ আৰু সেই সময়ৰ পূব পাকিস্তানত সাম্প্ৰদায়িক সংঘৰ্ষই দেখা দিয়ে। ইয়াক ৰোধ কৰাত খাজা নাজিমুদ্দিন ব্যৰ্থ হয়। যাৰ বাবে প্ৰায় এবছৰৰ পাছতে পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেলৰ দ্বাৰা ১৯৫৩ চনৰ ১৭ এপ্ৰিলত তেওঁক প্ৰধানমন্ত্ৰী পদবীৰ পৰা আঁতৰোৱা হয়।

খাজা নাজিমুদ্দিনৰ পাছত প্ৰধানমন্ত্ৰী হয় মহম্মদ আলি বগ্ৰা। ১৯৫৩ চনৰ ১৭ এপ্ৰিলত তেওঁ এই পদ লাভ কৰে। কিন্তু গৱৰ্ণৰ জেনেৰল গোলাম মহম্মদৰ সৈতে মতবিৰোধ ঘটাত ১৯৫৫ চনৰ ১২ আগষ্টত তেওঁ প্ৰধানমন্ত্ৰী পদ হেৰুৱায়। এই সময়ছোৱা হৈছে পাকিস্তানৰ তীব্ৰ ৰাজনৈতিক বিপৰ্যয়ৰ সময়। ১৯৫৫ চনৰ পৰা ১৯৫৮ চনলৈকে দেশখনে ক্ষন্তেকীয়াভাৱে চাৰিজনকৈ প্রধানমন্ত্ৰী লাভ কৰে। তেওঁলোক হৈছে- চৌধুৰী মহম্মদ আলী, হুছেইন ছাহীদ ছুহাৰৱাৰ্দি, ইব্ৰাহিম ইছমাইল চুন্দ্ৰীগাৰ, ছাৰ ফিৰোজ খান নুন। এনেধৰণে ৰাজনৈতিক বিপৰ্যয় চলি থাকোতেই পাকিস্তানত সামৰিক শাসন প্ৰৱৰ্তন হয়। ৰাষ্ট্ৰপতি হিচাপে জেনেৰেল আয়ুৱ খানে শাসনভাৰ গ্ৰহণ কৰে। আয়ুৱ খানৰ শাসন চলে ১৯৫৮ চনৰ পৰা ১৯৬৯ চনলৈকে। সুদীৰ্ঘ এটা দশক আয়ুৱ খানৰ নেতৃত্বত পাকিস্তানে এটা উল্লেখনীয় স্তৰত উপনীত হয়। দেশখনৰ জনপ্ৰিয় নেতা হিচাপে বিবেচিত হয় আয়ুৱ খান। কিন্তু দুৰ্নীতি-অনিয়ম আৰু শ্ৰমিক আন্দোলনৰ ফলশ্ৰুতিত তেওঁ ক্ষমতাৰ পৰা আঁতৰিব লগা হয়।

আয়ুৱ খানৰ পাছত পাকিস্তানত পুনৰ সংসদীয় ৰাজনীতিৰ আৰম্ভণি হয়। ১৯৭১ চনৰ ৭ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে মাত্ৰ ১৩ দিনৰ বাবে প্ৰধানমন্ত্ৰিত্বৰ সোৱাদ লাভ কৰে জনপ্ৰিয় নেতা নুৰুল আমিনে।

নুৰুল আমিনৰ পাছত প্ৰধানমন্ত্ৰী হয় ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈ থকা জুলফিকৰ আলী ভুট্টো। ১৯৭৩ চনৰ ১৪ আগষ্টৰ পৰা ১৯৭৭ চনৰ ৫ জুলাইলৈকে প্রধামন্ত্ৰী পদত থাকে ভুট্টো। পাকিস্তান পিপলছ পাৰ্টি নামৰ সেইসময়ৰ নতুন ৰাজনৈতিক দলটোৰ মুৰব্বী ভুট্টোক বৰ্তমানেও এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হৈ আহিছে। কিন্তু ১৯৭৭ চনত সেনাধ্যক্ষ মহম্মদ জীয়াউল হকে ভুট্টোৰ বিৰুদ্ধে সামৰিক অভ্যুত্থান ঘটায়। আয়ুৱ খানৰ পাছত পুনৰ জীয়াউল হকৰ নেতৃত্বত আঠ বছৰ ধৰি সামৰিক শাসন চলে।

জীয়াউল হকৰ সামৰিক শাসনৰ পাছত পুনৰ সংসদীয় ৰাজনীতি আৰম্ভ হয়। ১৯৮৫ চনৰ ২৪ মাৰ্চৰ পৰা ১৯৮৮ চনৰ ২৯ মে’লৈকে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয় মহম্মদ খান জুনেৰ’। জুনেৰ’ৰ পাছত আহে জুলফিকৰ আলী ভুট্টোৰ কন্যা তথা পাকিস্তান পিপ’লছ পাৰ্টিৰ নেত্ৰী বেনাজিৰ ভুট্টো। পাকিস্তানৰ এগৰাকী চৰ্চিতা মহিলা তথা প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেনাজিৰ ভুট্টোৱে ১৯৮৮ চনৰ ২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈ থাকে। কিন্তু দুৰ্নীতিৰ অভিযোগত পৰা ১৯৯০ চনৰ ৬ আগষ্টত তেওঁৰ চৰকাৰ ভংগ হয়।

নৱাজ শ্বৰীফ। পাকিস্তানৰ অন্যতম জনপ্ৰিয় নেতা নৱাজ শ্বৰীফে প্রধানমন্ত্ৰী পদত অধিষ্ঠিত হয় ১৯৯০ চনৰ ৬ নৱেম্বৰত। কিন্তু ৰাষ্ট্ৰপতি গোলাম ইছাক খানৰ স’তে মনোমালিন্য হোৱাত ১৯৯৩ চনৰ ১৮ জুলাইত তেওঁৰ চৰকাৰ ভংগ হয়।

সেই সময়তে নৱাজ শ্বৰীফপন্থী পাকিস্তান মুছলিম লীগ আৰু বেনাজিৰ ভুট্টো নেতৃত্বাধীন পাকিস্তান পিপলছ পাৰ্টিৰ মাজত তীব্ৰ ৰাজনৈতিক প্ৰতিদ্বন্দিতা হ’বলৈ ধৰে। ১৯৯৩ চনৰ ১৯ অক্টোবৰত পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয় বেনাজিৰ ভুট্টো। তেওঁৰ চৰকাৰ চলে ১৯৯৬ চনৰ ৫ নৱেম্বৰলৈকে। ৰাষ্ট্ৰপতি ফাৰুক লেঘাৰীয়ে ভুট্টোৰ চৰকাৰ ভংগ কৰে। তাৰপাছত পুনৰ ১৯৯৭ চনৰ ১৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হয় নৱাজ শ্বৰীফ।  কিন্তু ১৯৯৯ চনৰ ১২ অক্টোবৰত জেনেৰেল পাৰভেজ মুছাৰফে নৱাজ শ্বৰীফৰ চৰকাৰ ভংগ কৰে। লগালগ দেশখনত পুনৰ সামৰিক শাসন প্ৰৱৰ্তন হয়। জনপ্ৰিয় শাসক হিচাপে পৰিগণিত হয় ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ। মুছাৰফ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাতে দেশখনে ২০০২ চনৰ ২৩ নৱেম্বৰৰ পৰা ২০০৭ চনৰ ১৫ নৱেম্বৰলৈকে তিনিজনকৈ প্ৰধানমন্ত্ৰী লাভ কৰে। এওঁলোক হৈছে ক্ৰমে- মীৰ জাফৰুল্লাহ খান জামালি, চৌধুৰী ছুজাট হুছেইন আৰু চৌকৎ আজিজ।

২০০৮ চনৰ ২৫ মাৰ্চত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয় য়ুছুফ ৰাজা গিলানী। পাকিস্তান পিপলছ পাৰ্টিৰ নেতা গিলানীয়ে চাৰি বছৰ ৮৬ দিন ধৰি প্ৰধানমন্ত্ৰী হৈ থাকে। দুৰ্নীতিৰ অভিযোগত ২০১২ চনৰ ১৯ জুনত তেওঁক অপসাৰণ কৰা হয়। গিলানীৰ চৰকাৰৰ কাৰ্যকাল পূৰ্ণ কৰা হয় ৰাজা পাৰভাইজ আশ্ৰফৰ প্রধানমন্ত্ৰীত্বত। ২০১২ চনৰ ২২ জুনৰ পৰা ২০১৩ চনৰ ২৪ মাৰ্চলৈকে প্ৰধানমন্ত্ৰীত্বৰ সোৱাদ লাভ কৰে আশ্ৰফে।

আশ্ৰফৰ পাছত পুনৰ তৃতীয়বাৰৰ বাবে নৱাজ শ্বৰীফ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচনী বিজয় লাভ কৰে। ২০১৩ চনৰ ৫ জুনত আৰম্ভ হোৱা তেওঁৰ শাসনকালে পূৰ্ণতা নাপাওঁতেই পানামা পেপাৰছ কাণ্ড পোহৰলৈ আহে। ২০১৭ চনৰ ২৮ জুলাইত তেওঁক প্রধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হয়। নৱাজ শ্বৰীফৰ পাছত মাত্ৰ ৩০৩ দিনৰ বাবে প্রধানমন্ত্ৰী হয় শ্বাহিদ খাকান আব্বাছী। ২০১৭ চনৰ ১ আগষ্টৰ পৰা ২০১৮ চনৰ ৩১ মে’লৈকে তেওঁ প্রধানমন্ত্ৰী হিচাপে বৰ্তি থাকে।

ইমৰাণ খান। বিশ্বৰ এগৰাকী প্ৰসিদ্ধ ক্ৰিকেট তাৰকা হিচাপে অসীম জনপ্ৰিয়তা লম্ভা ইমৰাণ খানক দেশখনৰ জাতীয় নায়ক হিচাপেও গণ্য কৰা হয়। এগৰাকী নিকা ভাৱমূৰ্তি আৰু আধুনিক শিক্ষা দীক্ষাৰে সমৃদ্ধ ইমৰাণ খানে পাকিস্তান তেহৰীক-ই-ইনছাফ নামৰ মধ্যমপন্থী এটা ৰাজনৈতিক দলো খুলে। ২০১৮ চনৰ নিৰ্বাচনত অংশ লৈ তেওঁৰ দলে মুঠ ৩৪২ খন আসনৰ ভিতৰত ১৫৬ খন আসন দখল কৰে। তাৰ পাছত কেইবাটাও ৰাজনৈতিক দলৰ স’তে মিত্ৰযোঁট কৰি উক্ত বৰ্ষৰে ১৮ আগষ্টত চৰকাৰ গঠন কৰে। ক্ষমতাচ্যুত হোৱালৈকে তেওঁ ৩ বছৰৰো অধিক দিন প্রধানমন্ত্ৰী হৈ থৈকে। কিন্তু ব্যাপক হাৰত ঋণত পোত যোৱা পাকিস্তানৰ দৰে এখন জটিল দেশৰ প্রধানমন্ত্ৰী হিচাপে বৰ্তি থকাটো ইমৰাণ খানৰ বাবে সম্ভৱপৰ হৈ নুঠিল। ইতিমধ্যে সংসদত ইমৰান খান আস্থাভোটত পৰাজীত হৈছে। উল্লেখযোগ্য পাকিস্তানী নেচনেল এচেম্বলীৰ মুঠ সদস্যৰ সংখ্যা ৩৪২ জন। আনহাতে সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজনীয় সংখ্যা ১৭২। কিন্তু মিত্ৰদলসমূহে বিৰোধীৰ স’তে যুক্ত হোৱাত সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাইলে ইমৰাণ খান আৰু তেওঁৰ দল।

এতিয়া প্ৰশ্ন হৈছে- ইমৰাণ খানৰ পাছত কোন? ইতিমধ্যে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নৱাজ শ্বৰীফপন্থী পাকিস্তান মুছলিম লীগৰ মুৰব্বী শ্বেহৱাজ শ্বৰীফৰ নাম উচ্চাৰিত হৈছে। প্ৰধানমন্ত্ৰী পদবীৰ বাবে শ্বৰীফৰ নামেই শীৰ্ষত আছে। উল্লেখযোগ্য যে শ্বেহৱাজ শ্বৰীফ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। আন্তৰ্জাতিক পৰ্যায়ত শ্বেহৱাজ শ্বৰীফৰ বিশেষ খ্যাতি নাই, কিন্তু একেৰাহে তিনিবাৰকৈ পাকিস্তানৰ এখন গুৰুত্বপূৰ্ণ প্ৰদেশ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈ আহিছে তেওঁ। সুদক্ষ প্ৰশাসক হিচাপে তেওঁৰ সুনাম আছে। ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাত শ্বেহৱাজ শ্বৰীফেই অগ্ৰণী ভূমিকা লৈছে।

আনহাতে, শ্বেহৱাজ শ্বৰীফৰ ভাতৃ নৱাজ শ্বৰীফে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু ইমৰাণ খানৰ শাসনকালত সেই সম্পৰ্কত ব্যাহত হয়। এতিয়া যদি শ্বেহৱাজ শ্বৰীফ প্ৰধানমন্ত্ৰী হয়, ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক কেনেধৰণৰ হয়, সেয়াও লক্ষ্যণীয় হ’ব।

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd