• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষামন্ত্ৰীৰ আশ্বাসত সন্তুষ্ট নহয় ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সমাজ : নাগৰিক অভিৱর্তনৰ সংকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2020 6:00 pm
aa28ab81-7d55-46b6-ab43-867fde76896a
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই অহৰহ চেষ্টা চলাই আহিছে। চলিত মাহৰ ১০ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত চৰকাৰৰ মতামত স্পষ্ট কৰিবৰ বাবে সন্থাই দাবী জনাইছিল।

কিন্তু যোৱা সংবাদ মেলত  শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই পুনৰ ডেৰমাহ সময় লোৱা সন্দৰ্ভত একেবাৰেই সন্তুষ্ট আৰু আশ্বস্ত হোৱা নাই বুলি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই এক বিবৃতিৰ জৰিয়তে মত প্ৰকাশ কৰিছে।

অহা ১৫ আগষ্টত ৰাজ্যৰ বেতন বঞ্চিত সকলো শিক্ষকৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গইও চাকৰি নিয়মীয়াকৰণ হোৱাৰ এটা বহুদিনীয়া আশা পুহি ৰাখিছিল যদিও যোৱাকালি বিত্তমন্ত্রীৰ সংবাদ মেলৰ পাছত সকলোৰে সেই আশা পুনৰ ধূলিস্যাৎ হৈ গ’ল বুলি ক্ষোভ উজাৰিছে শিক্ষক সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা শ্ৰী হেমকান্ত সন্দিকৈয়ে।

উল্লেখ্য এই সকল শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত বিগত দিনত গণতান্ত্রিক প্ৰক্ৰিয়াৰে বহু আন্দোলনৰ কার্যসূচী ও গ্ৰহণ কৰি আহিছিল।

২০১৮ চনৰ পোন্ধৰ আগষ্টৰ পূৰ্বে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্তৰ নেতৃত্বত লখিমপুৰ আৰু শিৱসাগৰ জিলাত আমৰণ অনশনৰ দৰে চৰম কাৰ্যসূচী গ্ৰহণ কৰিছিল বেতন বঞ্চিত শিক্ষক সমাজে।

উক্ত সময়ত লখিমপুৰ জিলাত বৰ্তমানৰ শাসকীয় দলৰ মন্ত্রী শ্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু শিৱসাগৰ জিলাত মন্ত্রী শ্ৰী কেশৱ মহন্তই শিক্ষক সকলক সাক্ষাৎ কৰি দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰাৰ আশ্বাস প্রদান কৰিছিল।

কিন্তু দুটা মাহ বাদেই যোৱা ২০১৯ চনৰ পোন্ধৰ আগষ্টতো চাকৰি নিয়মীয়াকৰণ নহল আৰু এই বৰ্ষৰ পোন্ধৰ আগষ্টৰ ভিতৰতো নোহোৱাটো খাটাং। চলিত বর্ষৰ কিছু দিনৰ পূর্বে বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাজিৰা ভ্রমণৰ সময়ত মাত্র দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্রদান কৰিছিল, তাৰ পাছত চলিত বর্ষৰ জুন মাহত শিৱসাগৰ আৱৰ্ত ভৱনতো পুনৰ দুটা মাহৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস দি যোৱা কালি পুনৰ ডেৰমাহ সময় লোৱাৰ কথাটো অতি হাস্যকৰ আৰু ব্যংগত্মক বুলি অভিহিত কৰিছে সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে।

বৰ্তমানৰ শিক্ষামন্ত্রী গৰাকীয়েই বিগত কংগ্রেছ চৰকাৰৰ দিনতো শিক্ষামন্ত্রীৰ দায়িত্ব আছিল, তেতিয়াৰ দিনটো তেখেতে আশ্বাস প্রদান কৰিছিল আৰু বৰ্তমানেও আশ্বাস দিয়াৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে অভিযোগ শিক্ষক সমাজৰ।

সমাধানৰ নামত তেতিয়াও বহু বাৰ তদন্ত কৰা হ’ল, বৰ্তমানৰ চৰকাৰেও তদন্ত কৰিলে ,তদন্তৰ প্ৰতিবেদনো প্ৰস্তুত কৰা বছৰ পাৰ হ’ল। আনহাতে চৰকাৰৰ হাতত মাত্র কেইটামান দিন বাকী আছে তেনে ক্ষেত্রত কি কাৰণত বিষয়টো পাছলৈ থেলি আছে, কি কাৰণে সমস্যাটো চৰকাৰে জীয়াই ৰাখিব বিচাৰিছে নে বহু প্ৰশ্ন উত্থাপন হৈছে শিক্ষক তথা শিক্ষক পৰিয়ালৰ মাজত।

সম্পূর্ণ নীতিগতভাৱে নিযুক্তি গ্রহণ কৰি বুনিয়াদী প্ৰশিক্ষণ, জি.পি.এফ.,চাৰ্ভিচ বুক আদি সকলো সুবিধা লাভ কৰি এসময়লৈকে সম্পূর্ণ বেতন লাভ কৰা শিক্ষকসকলক বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰি চৰকাৰ তথা শিক্ষা বিভাগে চৰম অন্যায় কৰাৰ অভিযোগো উত্থাপন কৰিছে শিক্ষক সন্থাই।

১৫/১৬ বছৰে নিযুক্তি লাভ একাংশ শিক্ষকক শিক্ষা বিভাগে বৰ্তমানেও নিয়মীয়াকৈ বেতন দি আহিছে, যিটো বিষয় কিছু দিনৰ পূর্বে বাতৰি কাকতত ডাঙৰ ডাঙৰ আখেৰৰে তথ্য সহকাৰে প্ৰকাশ পাইছিল। আজি এইসকল শিক্ষকৰ ক্ষেত্রত চৰকাৰ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন হৈছে বিদ্বৎ সমাজৰ মাজত ।

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই বিষয়টো সন্দৰ্ভত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক পুনৰ বিবেচনা কৰি অহা ১৫ আগষ্টৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মতামত আগবঢ়াবৰ বাবে অনুৰোধ জনোৱাৰ লগতে এক দাবী জনাইছে ।

অন্যথা ১৫ আগষ্টৰ পিছতেই শিক্ষক সমাজ একত্রিত হৈ বিভিন্ন দল-সংগঠনৰ উপস্থিতিত এক নাগৰিক অভিবৰ্তন আয়োজনৰ লগতে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি এলানি কাৰ্যসূচী গ্ৰহণ বুলি সন্থাই বিবৃত্তি যোগে অৱগত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd