ড০ গোলোকচন্দ্ৰ গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

ভাষাচাৰ্য্য ড০ গোলোকচন্দ্ৰ গোস্বামীৰ বিয়োগত মুখ্য মন্ত্ৰী, সাহিত্য সভা, প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ

Golok Ch Goswami

ড০ গোলোকচন্দ্ৰ গোস্বামী (বাওঁফালে) আৰু ড০ উপেন ৰাভা হাকাছাম। ফটোৰ উৎস : দেৱব্ৰত শৰ্মাৰ ফেইচবুক টাইমলাইন।

আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটা অসমীয়া ভাষাৰ প্ৰসিদ্ধ ভাষাবিদ ড০ গোলোকচন্দ্ৰ গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰা হ’ব বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিছে। তাৰ ব্যৱস্থা কৰিবলৈ মুখ্য সচিবক ইতিমধ্যে নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সোণোৱালে।

বিশিষ্ট ভাষা পণ্ডিতজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশিষ্ট সাহিত্যিক, ভাষাবিদজনৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ড০ গোস্বামীয়ে অসমীয়া ভাষা-সাহিত্যলৈ আগ বঢ়াই যোৱা বৰঙনি ৰাজ্যখনৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ভাষাচাৰ্য্য, সাহিত্যাচাৰ্য্য ড০ গোলোকচন্দ্ৰ গোস্বামীৰ বিয়োগত অসম সাহিত্য সভায়ো গভীৰ শোক প্ৰকাশ কৰিছে।

অসমৰ ভাষা-সাহিত্যৰ অগ্ৰণী অনুষ্ঠানটোৱে ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “অসমীয়া ভাষাৰ প্ৰণালীবদ্ধ, বিজ্ঞানসন্মত চৰ্চা কৰা ভাষাচাৰ্য্য ড০ গোলোকচন্দ্ৰ গোস্বামীৰ বিয়োগত অসমে ভাষা-সাহিত্যৰ এগৰাকী মহান পণ্ডিতক হেৰুৱালে”।

ড০ গোলোকচন্দ্ৰ গোস্বামীৰ অক্ষয় কীৰ্তি অসমীয়া জাতি, অসমীয়া ভাষা থাকে মানে জিলিকি থাকিব বুলিও সভাই মত ব্যক্ত কৰে।

অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ

অসম প্ৰকাশন পৰিষদেও ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওলৈ এটা বিবৃতি প্ৰেৰণ কৰিছে।

পৰিষদে গোস্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকসভা পাতি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জনায়।

“আজীৱন মাতৃভাষাৰ উৎকৰ্ষ সাধনত ব্ৰতী ড০ গোস্বামীৰ মৃত্যুত অসমে এগৰাকী পথীকৃত ভাষাবিজ্ঞানীয়েই নহয়, অসমহিতৈষী পুৰুষো হেৰুৱালে”, শোকসভাত পৰিষদৰ মন্তব্য।