• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নক্ষত্ৰ পতন! বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2021 12:49 pm
WhatsApp Image 2021-06-03 at 12.41.16 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৌদ্ধিক সমাজৰ বাবে এক দু:খৱৰ। বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাৰ কোভিড-১৯ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে।

কোভিড-১৯ আক্ৰান্ত হোৱা মহানগৰীৰ এক্সেল কেয়াৰ হাস্পাতালত চিকিৎসাধীন বিশিষ্ট সাহিত্যিকগৰাকীয়ে পুৱা প্ৰায় ১১-৪০বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তেওঁৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।

ড০ বৰাই ১৯৩২ চনৰ ১৫জুনত নগাঁও জিলাৰ কুদিজাহ গাওঁৰ হাতীচোঙত জন্মগ্ৰহণ কৰিছিল। পিতৃ ফুলেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল ফুলেশ্বৰী বৰা। ঘৰৰ পাঁচটি সন্তানৰ ভিতৰত কনিষ্ঠতম আছিল বৰা।

নগাঁও হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত ড০ বৰাই কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পাছত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

লক্ষীনন্দন বৰাই অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞান বিষয়ত পিএইচ ডিগ্ৰী গ্ৰহণ কৰিছিল। বিশ্ববিদ্যালয়খনৰ পৰা বতৰ বিজ্ঞান বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী ব্যক্তি।

ড০ বৰাই তেওঁৰ চাকৰি জীৱনৰ অধিক কাল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কটাইছিল। ১৯৯২চনত তেওঁ বিশ্ববিদ্যালখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ড০ বৰাই দুবছৰৰ বাবে জন’ছ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপেও কাম কৰিছিল।

১৯৫৪ চনত ড০ বৰাৰ প্ৰথমটো চুটিগল্প ‘ভাওনা’ ৰামধেনু আলোচনীত প্ৰকাশ পাইছিল। ১৯৫৮চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘দৃষ্টিৰূপা’। সেইদৰে, ১৯৬২ চনত প্ৰকাশিত হৈছিল তেওঁৰ আনখন গ্ৰন্থ ‘নিশাৰ সুৰভি’।

১৯৬৩চনত ড০ লক্ষ্মীনন্দন বৰাৰ প্ৰথমখন উপন্যাস অসমীয়া সাহিত্যত নতুন ধাৰা সৃষ্টিকাৰী ‘গঙা চিলনীৰ পাখি’ প্ৰকাশ পাইছিল। এই উপন্যাসখন ১১টা ভাষালৈ অনুবাদ হৈছিল।

১৯৭৬চনত এই একে নামেৰে উপন্যাসখনৰ কাহিনীক লৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাই এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

ড০ লক্ষ্মীনন্দন বৰাই তেওঁৰ ‘পাতাল ভৈৰৱী’ নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।

‘ৰংপুৰ’ নামৰ সাপ্তাহিক কাকতৰ সম্পাদনাৰ সৈতেও জড়িত আছিল ড০ লক্ষ্মীনন্দন বৰা। শেহতীয়াকৈ তেওঁ সাহিত্য আলোচনী ‘গৰীয়সী’ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

১৯৬১চনত ড০ বৰাই মাধুৰী বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এগৰাকী কন্যা সেউজী আৰু দুগৰাকী পুত্ৰ ত্ৰিদীপ নন্দন আৰু স্বৰূপ নন্দন।

বৰ্তমান তেওঁৰ পৰিয়াল মহানগৰীৰ গণেশগুৰি অঞ্চলত বসবাস কৰি আছে। তেওঁৰ কন্যা সেউজী বৰা নেওগ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক। আনহাতে, পুত্ৰ ত্ৰিদীপ নন্দন বৰা ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়া আৰু স্বৰূপ নন্দন বৰা গুৱাহাটী আইআইটিৰ অধ্যাপক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd