অসমীয়া কাব্য সাহিত্য চহকী কৰি কলকাতাত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰে

বিশিষ্ট সাহিত্যিক, কবি ৰবীন্দ্ৰ সৰকাৰৰ শুকুৰবাৰে নিশা প্ৰায় ২-৩০ বজাত কলকাতাত প্ৰয়ান ঘটে। অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি সৰকাৰৰ অসমৰ প্ৰতি আছিল অগাধ ভালপোৱা। ২০১৩ চনত ‘ধূলিয়ৰি ভৰিৰ সাঁচ’ নামৰ কবিতা সংকলনখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছিল।

১৯৪১ চনৰ ৭ আগষ্ট‍ত গুৱাহাটী‍ত ৰবীন্দ্ৰ সৰকাৰ‍ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ‍ অপূৰ্ব সৰকাৰ গুৱাহাটীস্থিত উজানবজাৰ ঘাটৰ জাহাজ কোম্পানীৰ চাকৰিয়াল আছিল। মাতৃ‍ৰ সুনীতি সৰকাৰ আছিল এগৰাকী সংগীত শিল্পী।

গুৱাহাটীতে শিক্ষা জীৱনৰ পাতনি মেলি ৰবীন্দ্ৰ সৰকাৰে বঙালী উচ্চ বিদ্যালয়ৰ পৰা ১৯৫৮ চনত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। ইয়াৰ পাছত ১৯৬০ চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট আৰু ১৯৬৩ চনত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ দমদম মতিজিল কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

ৰবীন্দ্ৰ সৰকাৰে প্ৰথমে অসম ৰে’লৱে স্কুল (বৰ্তমানৰ ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু কাহিলীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষ‍কতাৰে কৰ্মজীৱন আৰম্ভ কৰে। পাচলৈ তেওঁ নেচনেল গ্ৰীণ্ডলেজ বেংক, ইউনাইটেড কমাৰ্চিয়েল বেংক আৰু জেনেৰেন ইঞ্চুৰেঞ্চ কোম্পেনীত চাকৰি কৰি অৱশেষত ১৯৬৭ চনত ভাৰতীয় জীৱন বীমা নিগমত যোগদান কৰে। ইয়াৰ পৰাই তেওঁ ২০০১ চনত অৱসৰ গ্ৰহণ কৰে।

১৯৯৭ চনত তেওঁ চাকৰিসূত্ৰে কলকাতলৈ যায় আৰু তেতিয়াৰ পৰা তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।

অসমীয়াৰ লগতে বাংলা সাহিত্যৰো এগৰাকী বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰ আছিল সাম্যবাদী আদৰ্শত বিশ্বাসী। সত্তৰৰ দশকত তেওঁ ভাৰতীয় গণ‍নাট্য সংঘত যোগদান কৰি পিছলৈ অসম শাখাৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল।

ষাঠিৰ দশকৰ শেষৰ ফালে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ‘নৱযুগ’ আলোচনীত এটি কবিতাৰে ৰবীন্দ্ৰ সৰকাৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। ১৯৭১-৭৫ চনলৈকে তেখেতে ‘অসমীয়া কবিতা’ নামৰ কবিতাৰ এখন মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়ীত্বও পালন কৰিছিল। অৱনী চক্ৰৱৰ্তী প্ৰকাশক হিচাপে জড়িত থকা আলোচনীখন অসমীয়া ভাষাৰ প্ৰথমখন কাব্য আলোচনী আছিল।

ৰবীন্দ্ৰ সৰকাৰৰ প্ৰকাশিত কাব্যপুথি কেইখন হৈছে- বৃত্ত ভঙা সময়, সত্তৰ‍ৰ পদাতিক, কালান্তৰ‍ৰ কবিতা, শান্তি কল্যাণ কবিতা, তুমি মোক স্পৰ্শ কৰা, নিজানত ৰাতিৰ শব্দ, পৰমা প্ৰকৃতি, মৌনতাৰ শব্দ, ধূলিয়ৰি ভৰিৰ সাঁচ, অৰূপ কথাৰ জঁকা আৰু ৰবীন্দ্ৰ সৰকাৰ‍ৰ কবিতা।

প্ৰসিদ্ধ সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে গণ কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে।