• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কোভিড কালত অষ্ট্ৰেলিয়াৰ হোটেলত মোৰ খাদ্যত বিষ মিহলোৱা হৈছিল,’ বিস্ফোৰক অভিযোগ জ’কভিচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 1:21 pm
‘কোভিড কালত অষ্ট্ৰেলিয়াৰ হোটেলত মোৰ খাদ্যত বিষ মিহলোৱা হৈছিল,’ বিস্ফোৰক অভিযোগ জ’কভিচৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নোভাক জ’কভিচক বিষ দিয়া হৈছিল। ২০২২ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়ান অ’পেনত খেলিবলৈ তেওঁ সেই দেশলৈ গৈছিল। কিন্তু তেওঁক অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। কৰ’না ভাইৰাছৰ প্ৰতিষেধক নোলোৱাৰ বাবে তেওঁক দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। জ’কভিচক এখন হোটেলত গৃহবন্দী কৰি ৰখা হৈছিল। টেনিছ তাৰকাগৰাকীয়ে অভিযোগ কৰে যে সেই সময়ত তেওঁক বিষ দিয়া হৈছিল।

অহা দেওবাৰে আৰম্ভ হ’ব অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ড। এইবাৰ খেলিবলৈ তেওঁৰ কোনো বাধা নাই। কিন্তু তিনি বছৰৰ আগৰ পৰিস্থিতি এনে নাছিল। সেইবাৰ জ’কভিচক অষ্ট্ৰেলিয়াৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। মেলবৰ্ণৰ এখন হোটেলত তেওঁক গৃহবন্দী কৰি ৰখা হৈছিল। তেওঁৰ ভিছা বাতিল কৰা হৈছিল।

জ’কভিচে কয় যে “সেই সময়ত মোৰ কিছু শাৰীৰিক সমস্যা আছিল। মই বুজিব পাৰো যে মেলবৰ্ণত থকা হোটেলখনত মোৰ খাদ্যত বিষ মিহলোৱা হৈছিল। সেইটোৱেই আছিল মোৰ অসুস্থতাৰ একমাত্ৰ কাৰণ।” জ’কভিচে কয় যে সেই সময়ত তেওঁৰ তীব্ৰ জ্বৰ হৈছিল।

২৪টা গ্ৰেণ্ড শ্লেমৰ গৰাকীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে ছাৰ্বিয়ালৈ উভতি আহিছিল। তাতেই তেওঁৰ দেহত সীহ আৰু পাৰা পোৱা গৈছিল। ভিছাৰ সমস্যাৰ বাবে ঘৰলৈ উভতি আহিবলগীয়া হৈছিল। সেই সময়ত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক লোৱা নহ’লে অষ্ট্ৰেলিয়াত প্ৰৱেশ নিষিদ্ধ আছিল। কিন্তু জ’কভিচে কৰ’না ভেকচিন ল’বলৈ অস্বীকাৰ কৰে। সেইবাবেই তেওঁক ২০২২ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত খেলিবলৈ দিয়া নহ’ল। একে কাৰণতে তেওঁ সেই বছৰ ইউ এছ অ’পেনত খেলিব নোৱাৰিলে।

পিছৰ বছৰত অৱশ্যে অষ্ট্ৰেলিয়াত প্ৰৱেশৰ কোনো নিষেধাজ্ঞা নাছিল। জ’কভিচে অষ্ট্ৰেলিয়ালৈ গৈ দশম সংখ্যক অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰে। কিন্তু ২০২২ চনৰ ঘটনাবোৰে তেওঁৰ মনত এটা ছাপ পেলাই থৈ গ’ল। জ’কভিচে কয়, “সেই কাণ্ডৰ পিছৰে পৰা প্ৰতিবাৰেই মই অষ্ট্ৰেলিয়ালৈ আহিছো আৰু মোৰ পাছপ’ৰ্ট পৰীক্ষা কৰা হৈছে, তেতিয়াই ২০২২ চনৰ স্মৃতিবোৰ ঘূৰি আহিছে। ইমিগ্ৰেচন প্ৰক্ৰিয়াৰ সময়ত এতিয়াও মই অস্বস্তি অনুভৱ কৰিছো।”

বিষক্ৰিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মেলবৰ্ণৰ হোটেল বা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ কোনো ক্ষোভ নাই বুলি জ’কভিচে কয়। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেনিছ তাৰকাগৰাকীয়ে কয় যে কেৱল এই ঘটনাই তেওঁক মানসিক আঘাত হৈ ৰৈ গৈছে। অষ্ট্ৰেলিয়াত খেলি থাকোঁতে তেওঁ বাৰে বাৰে অনুভৱ কৰিছিল যে হয়তো তেওঁক পুনৰ বন্দী কৰি নিভৃতবাসত ৰখা হ’ব। সেই ঘটনাটো তেওঁ পাহৰিব পৰা নাই।

দেওবাৰৰ পৰা আৰম্ভ হ’ব এইবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন। ১৯ বছৰীয়া ৱাইল্ডকাৰ্ডত সুযোগ লাভ কৰা নিছ বাছাভেৰেডীৰ বিৰুদ্ধে অষ্ট্ৰেলিয়ান অ’পেন অভিযান আৰম্ভ কৰিব জ’কভিচে। দেওবাৰেই অনুষ্ঠিত হ’ব সেই মেচখন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd