যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ এক বৃহৎ পদক্ষেপ। ৰে’লত যাত্ৰীসকলৰ নগদ ধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি ৰাখি ৰে’লত এটিএম মেচিন স্থাপনৰ উদ্যোগ লৈছে। ইতিমধ্যে পৰীক্ষামূলকভাৱে দীৰ্ঘ দূৰত্বৰ ৰে’লত এটিএম স্থাপন কৰা হৈছে। অৱশ্যে এই প্ৰকল্পটো বৃহৎ পৰিসৰত কেতিয়া আৰম্ভ কৰা হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।
মঙলবাৰে ভাৰতীয় ৰে’লৱেৰ বিষয়াসকলে ঘোষণা কৰে যে মুম্বাই-মনমাদ পঞ্চৱতী এক্সপ্ৰেছ ৰে’লৰ এটা ডবাত এটিএম মেচিন স্থাপন কৰা হৈছে। ৰে’লৱেই জনোৱা মতে, ৰে’লখনৰ শীততাপ নিয়ন্ত্ৰিত চেয়াৰ কাৰ কোচত এই এটিএম স্থাপন কৰা হৈছে। ব্যক্তিগত বেংকে স্থাপন কৰা এই এটিএমটো অতি সোনকালে যাত্ৰীৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ব।
মন কৰিবলগীয়া যে যদিও দীৰ্ঘদিন ধৰি কিছুমান ষ্টেচনত এটিএমৰ সুবিধা আছে, তথাপিও দীৰ্ঘ দূৰত্বৰ ৰে’লত নগদ ধনৰ সমস্যাৰ সন্মুখীন হোৱাটো যাত্ৰীসকলৰ বাবে নতুন কথা নহয়। ইফালে ডাঙৰ ডাঙৰ জংচন ষ্টেচনৰ বাহিৰে এটিএমো প্ৰচুৰ পৰিমাণে আছে। ফলত যাত্ৰীসকলে যদি ৰে’লত কিবা বিপদ অনুভৱ কৰে তেন্তে ৰে’লৰ পৰা নামি ষ্টেচন বা ওচৰৰ যিকোনো ঠাইলৈ গৈ এটিএমৰ পৰা ধন উলিয়াব লগা হয়। এই পৰিস্থিতিত ৰে’লখন হেৰুৱাৰ আশংকাও থাকে। ইয়াৰ উপৰিও ষ্টেচনৰ এটিএমত প্ৰায়ে লাইন দীঘল হোৱাৰ বাবে কেইমিনিটমানৰ ভিতৰতে ধন উলিয়াবলৈ অসুবিধা হয়। যাত্ৰীসকলৰ এই সমস্যাৰ প্ৰতি লখ্য ৰাখি ৰে’লত এটিএম স্থাপনৰ পৰিকল্পনা কৰিছে।