আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক’ৰ’না ভাইৰাছ সন্দৰ্ভত দিছে এটা ডাঙৰ মন্তব্য

trump-twitter-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ফটো: টুইটাৰ

ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংহাৰৰ বাবে সমগ্ৰ বিশ্ব চিন্তিত। এই ভাইৰাছবিধে সৰ্বাধিক চিন্তাত পেলাইছে বিশ্বৰ সবাটোকৈ শক্তিশালী দেশ আমেৰিকাক।

আমেৰিকাত এই পৰ্যন্ত ক’ৰ’নাৰ ফলত ৭২ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে আক্ৰান্ত হৈছে ১২ লাখৰো অধিক লোক।

এই সংকটৰ সময়তে ক’ৰ’নাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। ৰাষ্ট্ৰপতি গৰাকীয়ে ক’ৰ’না ভাইৰাছৰ আক্ৰমণ পৰ্ল হাৰ্বাৰ আৰু ৯/১১ৰ আক্ৰমণতকৈও ভয়াৱহ বুলি মন্তব্য কৰে।

ট্ৰাম্পে হোৱাইট হাউছৰ অভেল কাৰ্যালয়ত নাৰ্চসকলৰ সৈতে আলোচনা কৰি থকাৰ সময়তে সাংবাদিক সকলক উদ্দেশ্যি কয় যে আমি সবাটোকৈ ভয়াৱহ আক্ৰমণৰ মুখামুখি কৰিব লগীয়া হৈছে।

তেওঁ কয় যে ক’ৰ’না ভাইৰাছৰ আক্ৰমণ পৰ্ল হাৰ্বাৰতকৈও ভয়াৱহ। ইয়াৰ পূৰ্বে এনে ধৰণৰ আক্ৰমণ আমাৰ ইয়াত হোৱা নাই।

উল্লেখ্য যে, চীনৰ পৰা উৎপত্তি হোৱা ক’ৰ’নাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দেশখনেই হ’ল আমেৰিকা। দেশখনত দ্ৰুত গতিত বৃদ্ধি পাই আছে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা।