NORTHEAST NOW (Assamese)

Agatha Sangma: AFSPA প্ৰত্যাহাৰৰ দাবীৰে সদন স্থগিত প্ৰস্তাৱৰ জাননী NPP সাংসদ আগাথা চাংমাৰ

December 7, 2021 1:15 pm · এন ই নাও নিউজ, নতুন দিল্লী
আগাথা চাংমা। ফাইল ফটো।

Agatha Sangma নেশ্যনেল পিপুলছ ডেম’ক্ৰেটিক পাৰ্টি (এনপিপি)ৰ সাংসদ আগাথা চাংমাই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ দাবীৰে লোকসভাত এক সদন স্থগিত প্ৰস্তাৱৰ জাননী দিছে।

ইয়াৰ পূৰ্বে এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও AFSPA প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছিল।

‘’AFSPA প্ৰত্যাহাৰ কৰা উচিত,’’- এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৈছিল।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম এনডিটিভিত দিয়া এক সাক্ষাৎকাৰত কনৰাড চাংমাই কয়,’’মি সদায় মতপোষণ কৰি আহিছো যে AFSPA বিপৰীতধৰ্মী তথা যি কাৰণত ইয়াক যাৰ বাবে অনা হয় ই সেই উদ্দেশ্য পূৰণ কৰা নাই।‘’

নাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সামৰিক বাহিনীয়ে ১৫জন সাধাৰণ লোকক হত্যা কৰাৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ পৰা কঠোৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ দাবী সজোৰে উত্থাপিত হৈছে।

Also Read: Nagaland Massacre: টকাৰে ন্যায় নাহে, দোষী সেনা বিষয়াক শাস্তি দিয়ক: নাগালেণ্ডৰ সেনাৰ গুলীত নিহত নিৰীহৰ পিতৃ

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ৰাজনৈতিক দল আৰু সংগঠন তথা অঞ্চলটোৰ দুগৰাকী মুখ্যমন্ত্ৰীয়ে এই কঠোৰ আইন প্ৰত্যাহাৰৰ দাবী তুলিছে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই কয় যে তেওঁ কেন্দ্ৰক আইনখন উঠাই ল’বলৈ আহ্বান জনাইছে।

‘’মই কেন্দ্ৰীয় চৰকাৰক নাগালেণ্ডৰ পৰা AFSPA প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছো কিয়নো এই আইনখনে দেশৰ ভাৱমূৰ্তিত ক’লা দাগ সানিছে,’’-ৰিঅ’ই কয়।           

Related News