হিন্দু বাংলাদেশীক আনিলে এনআৰচিখন ব্ৰহ্মপুত্রত দলিয়াই দিয়াৰ পৰামৰ্শ তৰুণ গগৈৰ

অগপই টকাৰ মোহত আৰু বিজেপিয়ে ক্ষমতাৰ লোভত মিত্ৰতা কৰিব : গগৈ

Tarun Gogoi Press Meet

দিচপুৰস্থিত চৰকাৰী বাসগৃহত সংবাদমেল সম্বোধন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ফটো : য়ু বি।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ অপ্ৰাণ চেষ্টা কৰা বিজেপি চৰকাৰৰ দিনত এন আৰ চিখনৰ গুৰুত্ব নাই। সেয়েহে গুৰুত্বহীন বিষয় এটা নথকাই ভাল বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আজি গগৈয়ে দিচপুৰস্থিত চৰকাৰী বাসগৃহত এখন সংবাদমেল সম্বোধন কৰিছিল।

“গতিকে এন আৰ চিখন ব্ৰহ্মপুত্রত দলিয়াই পেলাই দিয়াই ভাল”, সংবাদমেলত এইদৰে পৰামৰ্শ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

আনহাতে, হিন্দু বাংলাদেশীপ্ৰেমী এই চৰকাৰ বিদেশী খেদাত নাই বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়, “অমিত শ্বাহে খেদিম বুলি কোৱা ৪০ লাখ বিদেশী ক’ত আছে? খেদি নিদিয়ে কিয়?”

তদুপৰি মঙলবাৰে ৰাজনাথ সিঙে ধুবুৰীত ভাৰত-বাংলাদেশ সীমান্তৰ অত্যাধুনিক সীমান্ত বেৰা প্ৰকল্পৰ উদ্বোধন কৰাক লৈয়ো সমালোচনাত মুখৰ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

“এহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশী আনিব বিচাৰিছে, একে সময়তে সীমান্ত ছীল কৰি বাহ বাহ ল’ব বিচাৰিছে বিজেপিয়ে”, বিজেপিৰ কামক ‘স্ব-বিৰোধী’ আখ্যা দি গগৈয়ে কয়।

সংবাদমেলত গগৈয়ে একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাকো স্বভাৱসুলভভাৱে কটাক্ষ কৰে। কংগ্ৰেছত থকাৰে পৰা হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ মধুৰ সম্পৰ্ক থকা বুলি গগৈয়ে সংবাদমেলত দাবী কৰে।

“হিমন্ত আৰু আজমলৰ সম্পৰ্ক আমাৰ লগত থকাৰে পৰা ভাল। তেতিয়াৰে পৰা হিমন্ত আৰু আজমলৰ মতলব আৰু উদ্দেশ্য একেটাই”, হিমন্ত-আজমলৰ মধুৰ সম্পৰ্কৰ বিষয়ে গগৈৰ মন্তব্য।

ইয়াৰোপৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্বৰ লগত আজমলৰ বুজাবুজি ইতিমধ্যে হৈ গ’ল বুলি উল্লেখ কৰি গগৈয়ে কয়, “বিজেপিয়ে হিমন্ত বিশ্বৰ মতেই টিকেট দিব। বুজাবুজি হৈ আছে।”

আনহাতে, হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী হ’ব পাৰিলেও মুখ্য মন্ত্ৰী কেতিয়াও হ’ব নোৱাৰে বুলি দাবী কৰে গগৈয়ে।

“হিমন্তৰ অতীতৰ ৰেকৰ্ড ইমান ভাল যে তেওঁ কেতিয়াও মুখ্য মন্ত্ৰী হব নোৱাৰে।” হিমন্তক ইতিকিং কৰি গগৈয়ে এইদৰে কয়।

ইয়াৰোপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সন্তুষ্ট কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা প্ৰতিযোগিতাত নামি পৰিছে বুলি সংবাদমেলত কয়।

তেওঁ কয়, “হিমন্ত-সোণোৱালৰ মাজত শীতল যুদ্ধ হৈ আছে। প্ৰতিযোগিতা চলিছে শ্বাহ মোদীক সন্তুষ্ট কৰাৰ কাৰণে। অমিত শ্বাহৰ ওচৰত দাম বঢ়াবলৈয়ে চলিছে এই যুদ্ধ। আৰু এই দুজনৰ শীতল যুদ্ধৰ কুফল ভুগিছে অসমৰ ৰাইজে।”

আনহাতে, মিত্ৰতাৰ ক্ষেত্ৰত অগপৰ অস্পষ্ট স্থিতিক সমালোচনা কৰে গগৈয়ে।  “যদি বিজেপিৰে মিত্ৰতালৈ পুনৰ যায়, তেন্তে অসমীয়া মানুহক ঠগন দিয়া দল হ’ব অগপ। ৯৯ শতাংশ বিশ্বাস আছে, অগপ মিত্ৰতালৈ যাবই”, গগৈয়ে কয়।

ইপিনে, অগপ-বিজেপিৰ মিত্ৰতাৰ উদ্দেশ্যও সংবাদমেল যোগে বাখ্যা কৰে গগৈয়ে, “অগপই টকাৰ মোহত বিজেপিৰ লগত মিত্ৰতা কৰিব। বিজেপিয়ে ক্ষমতাৰ লোভত মিত্ৰতা কৰিব।”

“অতুল বৰা আৰু কেশৱ মহন্তই টকাৰ লোভত মিত্ৰতা বিচাৰি আছে” বুলি কৈ গগৈয়ে কয়, “অৱশ্যে অগপৰ পদত্যাগী মন্ত্ৰী ফণীভূষণ চৌধুৰী এওঁলোক দুজনৰ নিচিনা নহয়”।

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে কথা প্ৰসংগতে কয় যে অগপই মিত্ৰতাৰ প্ৰস্তাৱেৰে কংগ্ৰেছৰ পৰা কলিয়াবৰ আসনখন বিচাৰিছিল। “অগপৰ দাবীৰ কথা ৰকিবুল হুছেইনে জনাইছিল মোক। মই অৱশ্যে নাজানো”, সত্যতা প্ৰমাণৰ দায়িত্ব ৰকিবুলৰ কান্ধলৈ ঠেলি গগৈৰ মন্তব্য।

“ছিটিং ছীটটো বাৰু এৰি দিম নেকি আমি? যেই য’ত জিকি আছে, তেওঁ তাৰ পৰা টিকটটো বিচাৰিছে, সেইটো কেলৈ এৰি দিম? কলিয়াবৰত গৌৰৱ গগৈয়ে খেলিবই”, গগৈৰ খাৰাংখাচ কথা।