শ্ৰমিকৰ বৰ্ধিত মজুৰি আৰু বকেয়া ধন আদায় দিয়াৰ দাবীৰে নুমলীগড়ত এন আৰ এল কৰ্মীৰ প্ৰতিবাদ

NRL Worker

নুমলীগড়ত এন আৰ এল কৰ্মীৰ প্ৰতিবাদ

শ্ৰমিকৰ বৰ্ধিত মজুৰিৰ ধন আৰু বকেয়া ধন আদায় নিদিয়াৰ অভিযোগত আজি দুই শতাধিক এন আৰ এলৰ কৰ্মীয়ে নুমলীগড় এন আৰ এল চৌহদৰ মুখ্য প্ৰবেশদ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আজি ৰাতিপুৱা ৬ বজাৰ পৰা শ্ৰমিকসকলে মূল প্ৰবেশদ্বাৰত উপস্থিত হৈ এন আৰ এল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

প্ৰতিবাদকাৰীয়ে এন আৰ এলৰ বিৰুদ্ধে আমাৰ দাবী মানিবই লাগিব, শ্ৰমিকক কৰা  শোষণ মানি লোৱা নহ’ব, বৰ্ধিত মজুৰিৰ ধন শীঘ্ৰে আদায় দিয়ক আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে।

এগৰাকী প্ৰতিবাদকাৰীয়ে জনোৱা অনুসৰি তেওঁলোকক কেইবামাহো পূৰ্বে এন আৰ এল কৰ্তৃপক্ষই মজুৰি বৃদ্ধি কৰা বুলি ঘোষণা কৰিছিল যদিও আজিলৈ তেওঁলোকে বৰ্ধিত হাৰত দৰমহা লাভ নকৰিলে।

তদুপৰি, তেওঁলোকক বকেয়া ধনো আদায় দিয়া নাই কৰ্তৃপক্ষই, সেয়েহে অতিশীঘ্ৰে বৰ্ধিত হাৰত মজুৰি আদায় দিয়া আৰু বকেয়া ধন আদায় দিয়াৰ দাবীৰে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আদায় নিদিয়া পৰ্যন্ত শ্ৰমিকসকলৰ এনে প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, নুমলীগড়ত এন আৰ এল কৰ্মীসকলৰ দ্বাৰা সময়ে সময়ে বিভিন্ন দাবীসমূহ পূৰ্ণ কৰাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে।