অসম-অৰুণাচল সীমান্তত এন এছ চি এন (কে)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক

লকডাউনৰ মাজতে শনিবাৰে অসম-অৰুণাচল সীমান্তত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ এগৰাকী দুৰ্ধৰ্ষ  কেডাৰক আটক কৰা হয়।

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উক্ত কেডাৰ গৰাকীক আটক কৰা হয় বুলি জানিব পৰা গৈছে৷

ভাৰতীয় সেনাৰ ৯নং আসাম ৰাইফলছে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চাংলাং জিলাৰ জাংজি গাঁৱত অভিযান চলাই তেওঁক আটক কৰিবলৈ সক্ষম হয়৷

আটকাধীন কেডাৰ গৰাকীক সংগঠনটোৰ সয়ম্ভু চাৰ্জেণ্ট মেজৰ, পলিটিকেল ও ৰেভিনিউ চাৰ্কল অফিচাৰ হিচাপে দায়িত্বত থকা হেংগং পাংথা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে বিগত দুমাহত চাংলাং জিলাত ১০জনকৈ উগ্ৰপন্থী সংগঠনৰ নেতা-কেডাৰক নিৰাপত্তা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

শনিবাৰে আটকাধীন কেডাৰজনৰ পৰা বহু আপত্তিজনক নত্ৰি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি আসাম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়ে।