কোভিড ৰোগীৰ বাবে আই চি ইউ বিচনা যোগাৰৰ বাবদ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী নাৰ্ছ

Arrest-1

চিকিৎসালয়ত কোভিড ৰোগীক আই চি ইউৰ বিচনা দিম বুলি ঘোচ লৈ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এগৰাকী নাৰ্ছ।

এই ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰৰ মেট্ৰ’ মাছ হস্পিতালত।

প্ৰকাশিত খবৰ অনুসৰি চিকিৎসালয়খনৰ গুৰজুৰ নামৰ এগৰাকী কৰ্মৰত নাৰ্ছে এগৰাকী কোভিড ৰোগীক ৰাজস্থান ইউনিভাৰ্ছিটি অৱ হেল্থ ছায়েন্সছত আই চি ইউৰ বিচনাৰ লগতে অন্যান্য সুবিধাসমূহ প্ৰদান কৰাৰ বাবদ ১.৩০ লাখ টকা দাবী কৰিছিল।

কোভিড ৰোগীজনৰ পৰিয়ালে ইতিমধ্যে নাৰ্ছগৰাকীক ৯৫ হাজাৰ টকা অৰ্পণ কৰে।

ইয়াৰ পিছতে অভিযোগ লাভ কৰি ৰাজস্থান এণ্টি-ক’ৰাপশ্যন ব্যুৱে শনিবাৰে অভিযুক্ত নাৰ্ছগৰাকীক ২৩ হাজাৰ টকাৰ অন্য এটা কিস্তিৰ ধন গ্ৰহণ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে।