স্বাস্থ্য বিভাগৰ আমুল পৰিৱৰ্তনৰ ওলোটা ছবি : প্ৰাপ্যৰ দাবীত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি নার্ছ সন্থাৰ

চৰকাৰে নাৰ্ছৰ অভাৱ-অভিযোগক গুৰুত্ব নিদিয়াৰ অভিযোগ : বৰপেটা চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী

Barpeta Nurse

বৰপেটাত সোমবাৰে নাৰ্ছ সন্থাৰ কৰ্মবিৰতি। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ স্বাস্থ্য বিভাগত আমুল পৰিৱৰ্তন কৰা বুলি স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত নাৰ্ছসকলে বিভিন্ন দাবীৰ সমৰ্থনত সোমবাৰে ৰূপায়ণ কৰে কৰ্ম বিৰতি ৷

ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত হৈ থকা নাৰ্ছসকলৰ দীৰ্ঘ দিনীয়া অভাৱ অভিযোগক ৰাজ্য  চৰকাৰৰ স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ বাবেই  নাৰ্ছসকলে সোমবাৰৰ পৰা ৰূপায়ণ কৰা কৰ্ম বিৰতি বৰপেটাতো পালন কৰা হয় ৷

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদতো জি এন এম ষ্টাফ নাৰ্ছসকলে প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী নাৰ্ছসকলে “২০১৭ বৰ্ষত আৰ অ’ পি মতে বিলুপ্ত হোৱা ষ্টাফ নাৰ্ছ সকলৰ মৰ্যাদা ঘুৰাই দিয়ক, আৰ অ’ পি ৰ সংশোধন কৰক, নাৰ্ছৰ চাকৰিৰ সেৱা বিধি বলবৎ কৰক, জি এন এমৰ গ্ৰেড পেৰ বৈষম্য দূৰ কৰক, জি এন এমক জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়ক, এন এইচ এমত কৰ্মৰত জি এন এমক সাক্ষাৎকাৰ অবিহনে স্থায়ী চাকৰিত নিযুক্তি দিয়ক, ষ্টাফ নাৰ্ছৰ পদত বি এছ চি নাৰ্চৰ নিযুক্তি বন্ধ কৰক, Same post same salary দিয়ক” আদি বিভিন্ন শ্লো-গান দি চিকিৎসা মহাবিদ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

কাৰ্যসূচীত অংশ গ্ৰহণ কৰা অসম নাৰ্ছ সন্থাৰ বৰপেটা জিলা সমিতিৰ উপ সভানেত্ৰী ক্ৰমে ইন্দিৰা দাস, কুলদা দাস আৰু সম্পাদিকা আমিৰুণ নেছাই নাৰ্ছ সকলৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নাৰ্ছসকলৰ দাবী সমূহ মানি ল’বলৈ চৰকাৰক দাবী জনায় ৷ যদিহে চৰকাৰে নাৰ্চ সকলৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব নিদিয়া পৰ্যন্ত অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতি ৰূপায়ণ কৰি যাব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবে কৰ্ম বিৰতি ৰূপায়ণ কৰাৰ ফলত ৰোগীসকলৰ যি কষ্ট হৈছে তাৰ বাবে ৰোগীসকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থী বুলিও মন্তব্য কৰে নাৰ্ছ সন্থাৰ নেত্ৰী কেইগৰাকীয়ে ৷ এই কাৰ্যসুচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৭০ গৰাকী ষ্টাফ নাৰ্ছে অংশ গ্ৰহণ কৰে ৷