৬০ গৰাকী ছাত্ৰীৰ গা ধোৱা ভিডিঅ’ ভাইৰেল! উত্তাল বিশ্ববিদ্যালয়ৰ হোষ্টেল চৌহদ

Objectionable videos of 60 women students পুৱতি নিশা প্ৰায় ২.৩০ বজাতেই চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেল চৌহদত উত্তাল পৰিৱেশৰ সৃষ্টি হয়। বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৬০ গৰাকী ছাত্ৰীয়ে গা ধোৱাৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছে। ছাত্ৰীসকলে দেওবাৰে পুৱতি নিশাই ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হ’ব লগা হয়।

অভিযোগ কৰা হৈছে যে হোষ্টেলৰ এগৰাকী ছাত্ৰীয়ে এই ভিডিঅ’বোৰ কৰিছিল। তাৰপিছত  ভিডিঅ’টো চিমলাৰ পৰা এটা ল’ৰালৈ প্ৰেৰণ কৰা হৈছিল। সেই ল’ৰাটোৱেই ছাত্ৰীসকলে গা ধোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল।

অভিযুক্ত ছাত্ৰীগৰাকীৰ বিৰুদ্ধে আইপিচি আৰু আইটি আইনৰ ৩৫৪চি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত ছাত্ৰীগৰাকী এমবিএৰ প্ৰথম বাৰ্ষিকত অধ্যয়ন কৰি আছে।

ইপিনে, ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত দাবী কৰা হৈছে যে যিসকল ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল হৈছে তেওঁলোকৰ বহুতে আত্মহত্যাৰ চেষ্টা কৰিছে। আৰক্ষীয়ে অৱশ্যে দাবী কৰিছে যে কোনো আত্মহত্যাৰ চেষ্টাৰ খবৰ পোৱা হোৱা নাই বা কাৰো মৃত্যু হোৱা নাই।

আনহাতে, শনিবাৰে নিশা চৌহদত হুলস্থুলৰ সৃষ্টি হোৱাৰ পিছত শ শ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহে। পুৱাৰ ভাগত প্ৰতিবাদ কৰা ছাত্ৰীসকলৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। কেইবাটাও সামাজিক মাধ্যমৰ পোষ্টত অভিযোগ কৰা হৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গোটেই বিষয়টো ঢাকিবলৈ চেষ্টা কৰি আছে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। তাৰমাজতে ঘটনাৰ সৈতে জড়িত আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত এগৰাকী ছাত্ৰীক কোৱা শুনা গৈছে যে তেওঁ এই গা-ধোৱাৰ ভিডিঅ’ প্ৰকাশ কৰিছে। তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে।

ইপিনে, পঞ্জাৱৰ শিক্ষা মন্ত্ৰী হৰজ্যোত সিং বেন্সে আন্দোলনকাৰী ছাত্ৰীসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনাইএ। তেওঁ কয়, “এইটো এটা অতি সংবেদনশীল বিষয়। এইটো আমাৰ ভগ্নী আৰু কন্যাসকলৰ মৰ্যাদাৰ সৈতে সম্পৰ্কিত। সংবাদ মাধ্যমকে ধৰি আমি সকলোৱে এই বিষয়ে অতি সাৱধান হোৱা উচিত। এতিয়া এইটো এখন সমাজ হিচাপে আমাৰ বাবে এক পৰীক্ষা।‘’