কাইলৈ পৰা শিৱসাগৰত যানবাহন চলাচলত পুনৰ যুগ্ম অযুগ্ম নীতি বলৱৎ কৰা হ’ব

index.jpgbb

কাইলৰ পৰা পুনৰ শিৱসাগৰত যানবাহন চলাচলত যুগ্ম অযুগ্ম নীতি বলবৎ হব।

শিৱসাগৰ জিলা প্ৰশাসনে আজি এক আদেশ যোগে এই নিৰ্দেশ জাৰি কৰে।

বৰ্তমান সময়ত শিৱসাগৰত কোভিড ১৯ সংক্ৰমণৰ সংখ্যা ৬০ জন আৰু নগৰখনৰ চাৰিটা অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

প্ৰশাসনে শিৱসাগৰত গণ সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব মানি চলাৰ লগতে জনসমাগম ৰোধ কৰিবলৈ ৰাইজক বৰম্বাৰ অনুৰোধ কৰিছে যদিও প্ৰশাসনৰ অনুৰোধক নামানি একাংশ লোকে ব্যক্তিগত যানবাহনেৰে যাতায়ত কৰি ব্যাপক যানযঁটৰ সৃষ্টি কৰা দেখা পোৱা গৈছে।

যাৰবাবে শিৱসাগৰ জিলা প্ৰশাসনে ৮ জুলাই বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ শিৱসাগৰ জিলাৰ সকলো পৌৰসভা এলেকাত দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত যানবাহন চলাচলত যুগ্ম অযুগ্ম নীতিৰ ব্যৱস্থা কৰিছে।

এই নীতি অনুসৰি প্ৰতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে যুগ্ম নম্বৰৰ বাহন চলাব পাৰিব আৰু মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অযুগ্ম নম্বৰৰ বাহন চলাব পাৰিব।

বাহন সমুহ চলাচল কৰাৰ সময়ত চালকৰ পৰিচয় পত্ৰ তথা অন্যান্য যাৱতীয় নথিপত্ৰ লগত ৰখাটো বাধ্যতামূলক। অন্যথা আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আদেশত উল্লেখ কৰা হৈছে।

আনহাতে পৰিচয় পত্ৰ লৈ কৰ্মস্থলীলৈ অহা কৰ্মচাৰী, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী তথা জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱা আৰু সংবাদসেৱাৰ লগত জড়িত লোকসকলক যুগ্ম অযুগ্ম নীতিৰ পৰা ৰেহাই দিয়া হৈছে।