ব্যৰ্থতাৰ ধাৰা অব্যাহত; ৰঞ্জি ট্ৰফীত ওড়িশাৰ বিৰুদ্ধে ইনিংছ ব্যৱধানত পৰাস্ত অসম

Assam team

অসম দলটো

ৰঞ্জি ট্ৰফীত হতাশজনক প্ৰদৰ্শনেৰে পুনৰ নিৰ্লৰ্জ পৰাজয় স্বীকাৰ কৰিছে অসমে।

ওড়িশাৰ কটকৰ ড্ৰীমছ গ্ৰাউণ্ডত ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ অসম আৰু ওড়িশাৰ মাজৰ খেলখনত এক ইনিংছ আৰু ৩ ৰানৰ ব্যৱধানত পৰাস্ত হয় অসম।

অসমে খেলখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসমৰ বলাৰ সকলৰ বিৰুদ্ধে সুন্দৰ বেটিং প্ৰদৰ্শনেৰে ওড়িশাই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৪৩৬ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ বলিঙত অৰূপ দাস আৰু ৰঞ্জিত মালীয়ে চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে প্ৰীতম দাসে দুটা উইকেট দখল কৰে।

ওড়িশাৰ প্ৰথম ইনিংছৰ ৪৩৬ ৰানৰ প্ৰত্যুত্তৰত অসমে ২৩৮ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰি ফল’অনৰ সন্মুখিন হয়।

অসমৰ হৈ প্ৰথম ইনিংছত ৰঞ্জিত মালী আৰু কুনাল শইকীয়াই অৰ্ধশতৰাণ কৰাৰ বিপৰীতে ওড়িশাৰ হৈ বলিঙত দেবব্ৰত প্ৰধানে সৰ্বাধিক চাৰিটা উইকেট দখল কৰে।

আনহাতে, ফলঅ’নৰ সন্মুখিন হৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা অসমে দুই অপেনাৰ সুভম মণ্ডল আৰু কুনাল শইকীয়াৰ আৰ্ধশতৰাণেৰে সুন্দৰ আৰম্ভণি কৰিলেও দুয়োগৰাকী বেটছমেন আউট হোৱাৰ পাছত অসমৰ কোনো এজন বেটছমেনে প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম নহ’ল।

সুভম মণ্ডল ৭৪, কুনাল শইকীয়া ৭২ আৰু অৰূপ দাসৰ ১৩ ৰানৰ বাহিৰে অসমৰ কোনো এজন বেটছমেনে দহকৰ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে।

ওড়িশাৰ হৈ দ্বিতীয় ইনিংছত বলিঙত সুৰ্য্যকান্ত প্ৰধানে ৩ টা, ৰাজেশ মহন্তিয়ে ৪ টা আৰু দেবব্ৰত প্ৰধানে ৩ টা উইকেট দখল কৰে।

উল্লেখযোগ্য যে, বিগত খেলখনতো অসমে মহাষ্ট্ৰৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হৈছিল।